ETV Bharat / state

ভোগৰ ভোগালী: এইবাৰ ভোগালীৰ উৰুকাত আঁৰি-চিতলৰ জোলেৰে এসাঁজ খাব মুখ্যমন্ত্ৰীয়ে - চিতল মাছ

Bhogali Bihu Uruka: ভোগালী উৰুকা পালেহিয়েই ৷ আপুনি বাৰু কি আয়োজন কৰিছে ভোগালী বিহুলৈ ? হাঁহ-কোমোৰা নে ছাগলী ? মাছৰ জোলখন চিতলৰ নে আঁৰি-ৰৌ-ভকুৱাৰ ? মুখ্য়মন্ত্ৰীৰ ঘৰত ভোগালীৰ উৰুকা বুলি মাছৰ উজান উঠিছে ৷ পুৱাতেই মুখ্যমন্ত্ৰীক মাছ উপহাৰ দিলে কৃষিমন্ত্ৰী আৰু মাছ ব্যৱসায়ীয়ে ৷

Assam CM
Bhogali uruka
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 6:34 PM IST

গুৱাহাটী, ১২ জানুৱাৰী: ভোগালী বিহু পালেহিয়েই ৷ গাঁওবোৰ, চুবুৰীবোৰ পিঠা ভজাৰ গোন্ধত আমোলমোলাইছে ৷ পথাৰত বা মুকলি স্থানত গাঁৱে-ভূঞে দেখা গৈছে মেজি আৰু ভেলাঘৰ ৷ সকলোৱেই বিহু বুলি ভাগে ভাগে খাদ্যসম্ভাৰ যোগাৰ কৰিছে ৷ ভোগালী বুলি ক’লেই বিশেষকৈ উৰুকাৰ ভোজ-ভাতৰ প্ৰাধান্যই বেছি ৷ হাঁহ, ছাগলী, মুৰ্গী আদিৰ মঙহ; চিতল, ভকুৱা, ৰৌ, আঁৰি, বৰালি আদি মাছ, বতৰৰ শাক-পাচলিৰে এসাঁজ লগে-ভাগে খাবলৈ সকলো সাজু হৈছে ৷ আপুনি পিচে বিহুলৈ কি যোগাৰ কৰিছে ?

  • আমাৰ সোণসেৰীয়া সংস্কৃতিৰ এক সোণালী অংগ- হেঁপাহৰ ভোগালী বিহুটি আকৌ পদূলি পালেহি। ভোগৰ উৎসৱ ভোগালী উদযাপনৰ বাবে প্ৰতিজন অসমীয়া এতিয়া সাজু।

    ভোগালীৰ উছাহৰ এই ক্ষণত আজি পুৱা মাননীয় মুখ্যমন্ত্ৰী @himantabiswa ডাঙৰীয়াক এটি বৰালি আৰু এটি চিতল মাছ উপহাৰস্বৰূপে আগবঢ়ালোঁ৷ লগতে… pic.twitter.com/ooaCrNVmaw

    — Atul Bora (@ATULBORA2) January 12, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

ভোগালীৰ ৰং লাগিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গাতো ৷ বিভিন্নজনে মুখ্যমন্ত্ৰীক বাসভৱনত গৈ জনাইছে ভোগালীৰ শুভেচ্ছা ৷ এইবাৰ মুখ্যমন্ত্ৰীৰ ঘৰত উৰুকাত চিতলৰ কলঠি, আঁৰি আৰু বৰালী মাছৰ জোলেৰে হ’ব ভোজ-ভাত ৷ কিয়নো বৃহত্তৰ উজান বজাৰ অনুসূচিত জাতি নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই শুকুৰবাৰে পুৱাতেই মুখ্যমন্ত্ৰীক উপহাৰ দিলে এটা 10 কেজি ওজনৰ চিতল আৰু 8.5 কেজি ওজনৰ এটা আঁৰি মাছ ৷

  • হেঁপাহৰ ভোগালী বিহুৰ প্ৰাকমুহূৰ্তত শুভেচ্ছাৰ চিনস্বৰূপে কেইপদমান মাছ উপহাৰ পালোঁ

    Magh Bihu Festivities have begun in Assam & I received huge fishes today.

    Chital 🐟 of 14kgs & 10 kgs
    Borali 🐠 of 15 kgs
    Ari 🎣 of 8.5 kgs

    Wishing all of you a very Happy Uruka.@ATULBORA2 pic.twitter.com/nqjEGWFLIp

    — Himanta Biswa Sarma (@himantabiswa) January 12, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ ব্যৱসায়ৰ শ্ৰীবৃদ্ধি কামনা কৰে । এই সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীৰ লগত কৃষি মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে ৷ অতুল বৰায়ো মুখ্যমন্ত্ৰীক ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে এটা 14 কেজি ওজনৰ চিতল আৰু এটা 15 কেজি বৰালি মাছ উপহাৰ দিয়ে ৷

উল্লেখ্য যে প্ৰতিবাৰেই ফাঁচীবজাৰৰ ব্যৱসায়ী সন্থাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ভোগালী বিহুৰ দিনা মাছ উপহাৰ দিয়ে ৷ ইতিমধ্যে ভোগালীৰ বাবে সাজু হৈছে ৰাইজৰ লগতে মাছ-মাংসৰ বিক্ৰেতাসকলো ৷ উৰুকাৰ দিনা পুৱাৰে পৰা গুৱাহাটীৰ উজান বজাৰ ঘাটৰ লগতে, ৰাজ্যৰ আন আন ঠাইৰ বজাৰ সমূহ উভৈনদী হৈ পৰিব বিভিন্ন থলুৱা মাছেৰে ৷

লগতে পঢ়ক: পালেহি ভোগালী: ঢেঁকীশালৰ পৰা আখললৈ ব্যস্ততাৰ অন্ত নাই জীয়াৰী-বোৱাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.