ETV Bharat / state

বিৰোধী বিধায়ক হৈ বহুখিনি কাম কৰিব নোৱাৰিলোহেতেন : সুশান্তৰ প্ৰতিক্ৰিয়া - সুশান্ত বৰগোহাঁই

দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপি (BJP) দলত যোগদান কৰাৰ পাচত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত থাওৰা সমষ্টি (Thowra Constituency)ৰ পৰা কংগ্ৰেছ বিধায়ক পদ ত্যাগ কৰা কংগ্ৰেছ নেতা সুশান্ত বৰগোহাঁইৰ (Sushanta Borgohain) ৷ কংগ্ৰেছ (Congress) দলত থাকিলে বিৰোধী বিধায়ক হৈ ৰাইজৰ হকে কাম কৰাত বহুখিনি অসুবিধা পালেহেতেন বুলি মন্তব্য কৰে সুশান্ত বৰগোহাঁইয়ে ৷

sushanta borgohain first reaction
সুশান্তৰ বৰগোহাঁইৰ প্ৰতিক্ৰিয়া
author img

By

Published : Aug 1, 2021, 9:16 PM IST

গুৱাহাটী, 1 আগষ্ট : "বিধায়ক হৈ থাকি মই ব্যক্তিগতভাৱে হয়তো কোনো ধৰণৰ সমস্যাৰ মুখামুখি নহ’লোহেতেন । এজন বিধায়কে পাবলগীয়া সকলো সা-সুবিধা মই লাভ কৰি থাকিলোহেতেন । কিন্তু, বিৰোধী বিধায়ক হৈ ৰাইজৰ হকে কাম কৰাত বা সমষ্টিৰ বাবে কাম কৰাত হয়তো বহুখিনি অসুবিধা পালোহেতেন । যাৰ বাবে মই বিজেপিত যোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলো" । দেওবাৰে সকলো চৰ্চাৰ অৱসান ঘটাই আনুষ্ঠানিকভাৱে বিজেপি (BJP) দলত যোগদান কৰাৰ পাচত এইদৰে প্ৰথমটো মন্তব্য কৰে থাওৰা সমষ্টি (Thowra Constituency)ৰ পৰা কংগ্ৰেছ বিধায়ক পদ ত্যাগ কৰা সুশান্ত বৰগোহাঁইয়ে (Sushanta Borgohain) ৷

সুশান্তৰ বৰগোহাঁইৰ প্ৰতিক্ৰিয়া

সুদীৰ্ঘ তিনি দশককাল ধৰি কংগ্ৰেছৰ সৈতে জড়িত হৈ আছিল সুশান্ত বৰগোহাঁই । নতুন দলত যোগদান কৰাৰ পাচত তেওঁ কয় যে, শেহতীয়াকৈ দলটোৰ কেতবোৰ কামকাজে তেওঁক চিন্তিত কৰি তুলিছিল । বিশেষকৈ বিগত বিধানসভা নিৰ্বাচনৰ সময়ত AIUDF দলৰ সৈতে কংগ্ৰেছ (Congress) দলে কৰা মিত্ৰতাই অসমীয়া ৰাইজক কংগ্ৰেছৰ পৰা বহু দূৰলৈ লৈ গৈছে ৷

2011 চনত প্ৰথমবাৰৰ বাবে থাওৰা সমষ্টিৰ পৰা কংগ্ৰেছ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা সুশান্ত বৰগোহাঁই 2021ৰ নিৰ্বাচনতো বিজয়ী হৈছিল ।

লগতে পঢ়ক : সুশান্ত বৰগোঁহাইৰ বিজেপি গমনে হাহাকাৰ লগাইছে শিৱসাগৰ জিলা কংগ্ৰেছত

এসময়ত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বতো আছিল সুশান্ত বৰগোহাঁই । কিন্তু শেহতীয়াকৈ কংগ্ৰেছ নেতৃত্বৰ কিছুমান কাম-কাজে যেন তেওঁক ক্ষুব্ধ কৰি তুলিছিল । অৱশ্যে কংগ্ৰেছৰ বিৰুদ্ধে বিশেষ কটু মন্তব্য কৰাৰ পৰা বিৰত থাকে নেতাগৰাকী । প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)ই দায়িত্ব গ্ৰহণ কৰিয়েই তেওঁৰ মুখলৈ চাই কংগ্ৰেছতে থাকিবলৈ সুশান্ত বৰগোহাঁইক আহ্বান জনাইছিল । সেই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, "মোক ব্যক্তিগতভাৱে বহুত বেছি ভালপায় বাবেই হয়তো তেওঁ তেনেদৰে কৈছিল । মই তেওঁক শুভেচ্ছা জনাইছো" ।

আনহাতে, থাওৰাৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে যিসকল লোকে তেওঁক জয়ী কৰিছিল সেইসকল লোকৰ মনত তেওঁ বিজেপিত যোগ দি দুখ দিয়া নাই নে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সুশান্ত বৰগোহাঁইয়ে কয় "হয়তো বহুতে মনত দুখ পাইছে । কিন্তু দহ বছৰৰ পাচত কৰিবলগীয়া কামটো মই দহ বছৰ আগতে অৰ্থাৎ আজিয়েই কৰিলো" ।

লগতে পঢ়ক : সুশান্তৰ দলত্যাগে জোকাৰিছে কংগ্ৰেছৰ শীৰ্ষ মহল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.