গুৱাহাটী,1 মাৰ্চঃ গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন সমাগত ৷ প্ৰায় 18 বছৰৰ অন্তত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ’ব এই নিৰ্বাচন । কিন্তু নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত দেওবাৰে প্ৰেছ ক্লাৱ চৌহদত সংঘটিত হয় ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা ৷ ঘটনাক কেন্দ্ৰ কৰি প্ৰেছ ক্লাৱ চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।
ঘটনাৰ বিৱৰণী অনুসৰি,অগ্নিকাণ্ডটোৰ ফলত জুইত জাহ যায় ক্লাৱৰ একাংশ পুৰণি নথি-পত্ৰ ৷ সুদীৰ্ঘ সময়ছোৱাত নীতি বহিৰ্ভূতভাৱে প্ৰেছ ক্লাৱ নিজৰ দখলত ৰখা প্ৰাক্তন সভাপতি নৱ ঠাকুৰীয়াৰ বিৰুদ্ধে নথিসমূহ জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ ইতিমধ্যে লতাশিল আৰক্ষী চকীত প্ৰাক্তন সভাপতিগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এক এজাহাৰ ৷
লগতে চাওকঃএগৰাকী কাৰ্বি তনয়াৰ বিশ্বমুখী যাত্ৰা