ETV Bharat / state

মহানগৰীৰ আদাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Mar 23, 2020, 5:50 PM IST

মহানগৰীৰ আদাবাৰীৰ ৰাজপথৰ দাঁতিতে থকা এটা বৃহৎ অট্টালিকাত অগ্নিকাণ্ডৰ ঘটনা ৷ জুইয়ে ছানি ধৰে অট্টালিকাটোত থকা কেইবাখনো প্ৰতিষ্ঠান ৷

fire at guwahati adabari
মহানগৰীৰ আদাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,23 মাৰ্চঃ সোমবাৰে মহানগৰীৰ আদাবাৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । ৰাজপথৰ দাঁতিতে থকা এটা বৃহৎ অট্টালিকাত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় ৷ জুইয়ে ছানি ধৰে অট্টালিকাটোত থকা কেইবাখনো প্ৰতিষ্ঠানত। অট্টালিকাটোত থকা চৰাফ নামৰ এখন ফাৰ্নিচাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে জুইত সম্পূৰ্ণৰূপে জাহ গৈছে চৰাফ নামৰ এই ফাৰ্নিচাৰখন ।

মহানগৰীৰ আদাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

পিছত চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। ইফালে এই অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ১০ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয়।

লগতে পঢ়কঃভগত সিং, সুখ দেৱ আৰু ৰাজগুৰুলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহ, ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.