ETV Bharat / state

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ওদালবাক্ৰা থানাত এজাহাৰ দাখিল - এ আই ইউ ডি এফ

শনিবাৰে ইউনাইটেড ট্ৰাষ্ট অৱ আছাম নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই লোকসভাৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে মহানগৰীৰ ওদালবাক্ৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । আজমলৰ ব্যক্তিগত মালিকানাধীন “আজমল ফাউণ্ডেচন” লৈ ৪ টা বিদেশী সংস্থাৰ পৰা পুঁজি যোগান ধৰা হয় বুলি বাতৰি প্ৰকাশ হোৱাৰ পাছতে স্বেচ্ছাসেৱী সংস্থাটোৱে দাখিল কৰে এজাহাৰ ৷

fir filed against badaruddin ajmal
fir filed against badaruddin ajmal
author img

By

Published : Dec 6, 2020, 7:40 AM IST

গুৱাহাটী, 6 ডিচেম্বৰ : লোকসভাৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ব্যক্তিগত মালিকানাধীন “আজমল ফাউণ্ডেচন”লৈ ৪ টা বিদেশী সংস্থাৰ পৰা পুঁজি যোগান ধৰা হয় বুলি বাতৰি প্ৰকাশ হোৱাৰ পাছতে শনিবাৰে ইউনাইটেড ট্ৰাষ্ট অৱ আছাম নামৰ স্বেচ্ছাসেৱী সংস্থাই সাংসদগৰাকীৰ বিৰুদ্ধে মহানগৰীৰ ওদালবাক্ৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । স্বেচ্ছাসেৱী সংস্থাটোৰ অধ্যক্ষ শিৱপ্ৰসাদ শৰ্মাই অভিযোগ সন্দৰ্ভত কেতবোৰ তথ্য দাঙি ধৰি সাংবাদিকক জনায় যে, অসমত জৰা-ফুঁকা ৰাজনীতি কৰা বদৰুদ্দিন আজমলৰ ব্যক্তিগত মালিকানাধীন “আজমল ফাউণ্ডেচন”লৈ ৪ টা বিদেশী সস্থাৰ পৰা পুঁজি যোগান ধৰা হয় ৷ যিকেইটা সংস্থা বিশ্বৰ কেইবাটাও সন্ত্রাসবাদী সংগঠনৰ সৈতে প্রত্যক্ষভাৱে আর্থিক লেনদেনত জড়িত বুলি ইতিমধ্যে প্রমাণিত হৈছে ।

বিশ্বৰ আগশাৰীৰ এটা বেচৰকাৰী সংস্থা লিগেল ৰাইটছ অবজাৰভেতৰীয়ে স্পষ্টভাৱে আৰু তথ্য সহকাৰে উদঙাই দি আজমল ফাউণ্ডেচনলৈ পুঁজি যোগান ধৰা সংস্থাকেইটাৰ নাম উল্লেখ কৰে। শৰ্মাই কয় যে, লিগেল ৰাইটছ অবজাৰভেতৰীৰ মতে আজমল ফাউণ্ডেচনলৈ পুঁজি যোগান ধৰা সংস্থাকেইটাৰ ভিতৰত প্ৰথম হৈছে ব্রিটেইনৰ আল ইমদাদ ফাউণ্ডেচন । য’ৰ পৰা আজমল ফাউণ্ডেচনলৈ প্রত্যেক বছৰ আর্থিক পুঁজি যোগান ধৰা হয় । আল ইমদাদ ফাউণ্ডেচনৰ পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠন হামাছৰ সৈতে প্রত্যক্ষ যোগসূত্র আছে । দ্বিতীয়তে, ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্ৰাষ্টৰ পৰা আজমল ফাউণ্ডেচনলৈ প্ৰত্যক্ষভাৱে আর্থিক পুঁজি যোগান ধৰে ৷ উম্মাহ ৱেলফেয়াৰ ট্রাষ্ট আর্থিক দুর্নীতি আৰু সন্ত্রাসবাদলৈ বিত্তীয় পৃষ্ঠপোষকতা আগবঢ়োৱাত অভিযুক্ত ।

fir filed against badaruddin ajmal
বদৰুদ্দিন আজমল

তৃতীয়তে, তুৰস্কৰ আই এইচ এইচ- ইনচানি ইয়াৰম ভকফিৰ পৰা আজমল ফাউণ্ডেচনলৈ প্রতিবছৰে আর্থিক পুঁজি যোগান ধৰে । আই এইচ এইচ- ইনচানি ইয়াৰম ভকফিৰ বিৰুদ্ধে আল কায়দা আৰু আন্তঃর্জাতিক জেহাদী নেটৱৰ্কৰে সম্পর্ক থকাৰ অভিযোগ আছে । চতুৰ্থতে, ব্রিটেইনৰ মুছলিম এইডৰ পৰা প্রত্যক্ষ আর্থিক পুঁজি আজমল ফাউণ্ডেচনলৈ আহে । মুছলিম এইডৰ কাশ্মীৰী সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে প্রত্যক্ষ সম্পর্ক আছে অভিযোগ উঠিছে ।

তথ্য অনুসৰি সম্প্রতি এই ফাউণ্ডেচনলৈ অহা ৬৯.৫৫ কোটি টকাৰ মাত্র ২.৩৫ কোটি টকাহে শিক্ষাৰ নামত ব্যয় কৰা হয় আৰু বাকী টকা ৰহস্যজনক কাম-কাজত ব্যয় কৰাৰ সন্দেহ প্রকাশ কৰিছে অভিযোগকাৰী ইউনাইটেড ট্ৰাষ্ট অৱ আছামে । আনহাতে, এজাহাৰখনত সাংসদ মৌলানা বদৰুদ্দিন আজমলে এনেদৰে বিশ্বৰ সন্ত্রাসবাদী সংগঠনৰ সৈতে জড়িত হৈ থকা উক্ত সংস্থাসমূহৰ পৰা পুঁজিৰ লেনদেন কৰি Foreign contribution Regulations Act (FCRA) স্পষ্ট অর্থত ভংগ কৰিছে আৰু তেওঁৰ এই কার্য ভাৰত ৰাষ্ট্রৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈ পৰিছে বুলি উল্লেখ কৰে ৷ লগতে অসমৰ এ আই ইউ ডি এফ দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ এনে কাৰ্যই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্রতি এক প্রত্যাহ্বান হৈ পৰিছে আৰু অসমৰ ক্রমবর্ধমান জেহাদী কার্যকলাপে স্থানীয় বাসিন্দাৰ মাজত সংশয় আৰু ত্ৰাসৰ সৃষ্টি কৰিছে বুলি অভিযোগ তোলে ।

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ওদালবাক্ৰা থানাত এজাহাৰ দাখিল

সেয়েহে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু Foreign Contribution Regulations Act (FCRA)ৰ অধীনত অনতিপলমে সাংসদ বদৰুদ্দিন আজমলক গ্রেপ্তাৰ কৰি এই সমস্ত অভিযোগৰ পুংখানুপুংখ তদন্ত কৰিবলৈ দাবী জনায় ইউনাইটেড ট্ৰাষ্ট অৱ আছাম নামৰ সংস্থাটোৱে ।

লগতে পঢ়ক : এতিয়াও অনিশ্চয়তাত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা : জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.