ETV Bharat / state

বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ - স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকক কৰা অপমানৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া

হোজাইৰ বিধায়ক শিলাদিত্য দেৱে স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকক কৰা অপমানৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ বৌদ্ধিক মহলত ৷ দেওবাৰে এনে কাৰ্যৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত গোচৰ ৰুজু কৰিলে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে ৷

fir-against-hojai-mla-shiladitya-dev
বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ
author img

By

Published : Aug 9, 2020, 4:43 PM IST

গুৱাহাটী,9 আগষ্টঃ স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকক হোজাইৰ বিধায়ক শিলাদিত্য দেৱে কৰা অপমানৰ বিৰুদ্ধে ৰাজ্যৰ বৌদ্ধিক মহলত প্ৰতিক্ৰিয়া । বিধায়কগৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে দেওবাৰে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে। বিধায়কগৰাকীয়ে অসমৰ স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকক 'জেহাদী' সজোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সংগঠনটোৱে ।

জালুকবাৰী আৰক্ষী চকীত গোচৰ ৰুজু কৰিলে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে

বিধায়ক শিলাদিত্যক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে । ইফালে পদ্মশ্ৰী,পদ্মভূষণ আদি সন্মানৰে সন্মানিত হোৱা চৈয়দ আব্দুল মালিকক কৰা চূড়ান্ত অপমানৰ পিছতো নিমাত অসম সাহিত্য সভা আৰু জাতীয় দল-সংগঠন । এই সংগঠনসমূহক এই ক্ষেত্ৰত মাত মাতিবলৈ আহ্বান জনাইছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে ।

সংবাদ মাধ্যমেৰে হোৱা এক সাক্ষাৎকাৰত বিধায়কগৰাকীয়ে আব্দুল মালিক সন্দৰ্ভত চৰম অপমানসূচক মন্তব্য কৰে । চৈয়দ আব্দুল মালিকে বৌদ্ধিক জেহাদ চলাইছিল বুলি চৰম অপমানসূচক মন্তব্য কৰে বিধায়ক শিলাদিত্যই । উল্লেখ্য যে,বিধায়ক শিলাদিত্য দেৱে নিজ সমষ্টিৰ উন্নয়ন তথা অন্য সমস্যাৰ পৰা ৰাইজৰ ধ্যান আঁতৰাই ৰাখিবলৈ এনে বিতৰ্কিত-সাম্প্ৰদায়িক মন্তব্য কৰি থাকে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ।

বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ

ইয়াৰ পূৰ্বেও ৰূপাৰাণী ভূঞা নামৰ এগৰাকী প্ৰৱক্তাই অপমান সূচক মন্তব্য আগবঢ়াইছিল চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে ৷ অসমীয়া ভাষাত শংকৰদেৱৰ জীৱন আদৰ্শক লৈ ’ধন্য নৰ তনু ভাল’ শীৰ্ষক প্ৰথমখন গ্ৰন্থ ৰচনা কৰা প্ৰয়াত সাহিত্যিকগৰাকীক কৰা এই অপমানত ক্ষোভ প্ৰকাশ কৰিছিল বিভিন্ন মহলে ৷ ওৰেতো জীৱন অসম আৰু অসমীয়া তথা অসমীয়া সাহিত্যৰ বাবে অৱদান আগবঢ়াই যোৱা প্ৰথিতযশা সাহিত্যিকগৰাকীৰ সন্দৰ্ভত এনে কটুবাক্য প্ৰয়োগ কৰাতো হয়তো কেনো অসমীয়াই সহজভাৱে মানি ল’ব নোৱাৰে ৷

লগতে চাওকঃৰেম্প ৱাকৰ পৰা লোকসেৱালৈ ঐশ্বৰ্য শ্বে'ৰাণৰ যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.