ETV Bharat / state

Cement Factory at Sonapur : সোণাপুৰত চিমেণ্ট কোম্পানীৰ দৌৰাত্ম্য, স্থানীয় লোকক প্ৰাণে মৰাৰ ভাবুকি

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 6:48 PM IST

এটা চিমেণ্ট কোম্পানীৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰিছে সোণাপুৰৰ সৰুতাৰি অঞ্চলৰ ৰাইজ ৷ পূৰ্বাঞ্চল চিমেণ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে সোণাপুৰ থানাত এজাহাৰ দাখিল ৰাইজৰ ৷

Cement Factory at Sonapur
সোণাপুৰত স্থানীয় লোকক প্ৰাণে মৰাৰ ভাবুকি চিমেণ্ট কোম্পানীৰ কৰ্তৃপক্ষৰ

গুৱাহাটী, 31 অক্টোবৰ : এটা চিমেণ্ট কোম্পানীৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰিছে গুৱাহাটীৰ সমীপৱৰ্তী এটা অঞ্চলৰ ৰাইজ ৷ পূৰ্বাঞ্চল চিমেণ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সৰুতাবাসীয়ে ৷ সোণাপুৰৰ 14 মাইল সৰুতাৰিস্থিত পূৰ্বাঞ্চল চিমেণ্ট উদ্যোগৰ কৰ্তৃপক্ষৰ দায়িত্ববাহী কৰ্মচাকৰী অমৃক সিং নামৰ লোকজনৰ বিৰুদ্ধে উঠিছে এই অভিযোগ ৷

সিঙে সৰুতাৰিৰ স্থানীয় লোকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ ৰাইজৰ । সেয়ে সিঙৰ বিৰুদ্ধে মঙলবাৰে সোণাপুৰ থানাত এজাহাৰ দাখিল কৰে ৰাইজে ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোৰ মূল পথেৰে পূৰ্বাঞ্চল চিমেণ্ট উদ্যোগটোৰ গধুৰ যান-বাহন চলাচলৰ ফলত যমৰ যাতনা ভুগি আহিছে স্থানীয় ৰাইজে । চিমেণ্ট উদ্যোগটোৰ গধুৰ চুণশিল ভৰ্তি বাহনৰ চলাচলৰ বাবে পথটি দুৰৱস্থাৰ মূল কাৰণ হৈ পৰিছে ৷

যাৰ বাবে স্থানীয় ৰাইজে পথটিৰে গধুৰ যান-বাহন চলাচল বন্ধ কৰি দিছিল । পথটো বন্ধ কৰি দিয়াৰ বাবেই পূৰ্বাঞ্চল চিমেণ্ট উদ্যোগটোৰ কৰ্তৃপক্ষৰ হৈ সিঙে স্থানীয় লোকক নিজৰ কাৰ্যলয়লৈ মাতি নি ধমক প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে । এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে সোণাপুৰ আৰক্ষী থানাত সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৰাইজে ।

আনহাতে অঞ্চলটোত বছৰ বছৰ ধৰি ব্যৱসায় চলাই থকাৰ পিচতো অঞ্চলটোৰ বাবে চি এছ আৰৰ অধীনত কোনো উন্নয়নমূলক কাম নকৰাৰো অভিযোগ উদ্যোগটোৰ বিৰুদ্ধে । লগতে, চিমেণ্ট উদ্যোগটো পৰা নিৰ্গত ধোঁৱাৰ বাবে অঞ্চলটোত দুৰাৰোগ্য ৰোগে দেখা দিয়া পৰিলক্ষিত হোৱা কথাও সংবাদ মাধ্যমক অৱগত কৰে স্থানীয় ৰাইজে ।

এই ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক অভিযোগ দাখিল কৰিছে যদিও বৰ্ডে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইফালে অঞ্চলটোৰ মূল পথেৰে চলা গধুৰ যান-বাহনৰ সন্দৰ্ভটো ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল কিন্তু এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক:DGP GP Singh: আমাৰ ল’ৰা-ছোৱালীবোৰ আলফালৈ যাব নালাগে; আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.