ETV Bharat / state

বাণিজ্যিক সংগঠনৰে অজন্তা নেওগৰ বাজেট সম্পৰ্কীয় মত বিনিময় - Tax Bar Association

মহামাৰীৰ এই সময়ত বাজেটখনৰ জৰিয়তে যাতে ৰাজ্যখনত বেপাৰ-বাণিজ্য কৰা লোকসকল উপকৃত হয়, সেই বিষয়টোৰ ওপৰত যথাসম্ভৱ গুৰুত্ব প্ৰদান কৰাৰ আশ্বাস বিত্তমন্ত্ৰী অজন্তা নেওগৰ ।

finance minister meeting
বাণিজ্যিক সংগঠনৰে বিত্তমন্ত্ৰীৰ বাজেট সম্পৰ্কীয় মত বিনিময়
author img

By

Published : Jul 1, 2021, 8:00 PM IST

গুৱাহাটী, ১ জুলাই : ৰাজ্য চৰকাৰৰ ৫৭ টা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বাজেট পৰ্যালোচনা সমাপ্ত কৰাৰ পাছত বৃহস্পতিবাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক সংগঠনৰ (Business Organization) শীৰ্ষ নেতৃত্বৰ সৈতে ২০২১-২২ বৰ্ষৰ বাজেট সন্দৰ্ভত বিত্তমন্ত্ৰী অজন্তা নেওগে মত বিনিময় কৰে । ক'ভিড (Covid) মহামাৰীৰ সময়ত বাজেটখনৰ জৰিয়তে যাতে ৰাজ্যখনত বেপাৰ-বাণিজ্য কৰা লোকসকল উপকৃত হয়, সেই বিষয়টোৰ ওপৰত যথাসম্ভৱ গুৰুত্ব প্ৰদান কৰা হ’ব বুলি বিত্তমন্ত্ৰী (Finance Minister) অজন্তা নেওগে আশ্বাস প্ৰদান কৰে । এই মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি বিভিন্ন বাণিজ্যিক সংগঠনৰ নেতৃত্বই তেওঁলোকৰ শেহতীয়া বাণিজ্যিক অৱস্থা বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰাৰ লগতে মহামাৰীৰ বাবে যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে ।

finance minister meeting
বাণিজ্যিক সংগঠনৰে বিত্তমন্ত্ৰীৰ বাজেট সম্পৰ্কীয় মত বিনিময়

এই মত বিনিময় অনুষ্ঠানৰ অন্তত বাণিজ্যিক সংগঠনসমূহৰ নেতৃবৃন্দই পৰৱৰ্তী বাজেটখনৰ জৰিয়তে বিত্ত মন্ত্ৰীয়ে তেওঁলোকক কিছু সকাহ দিব বুলিও আশা ব্যক্ত কৰে । এই বিনিময় অনুষ্ঠানত ভাৰতীয় চাহ সংঘৰ অসম শাখাৰ (ABITA) সম্পাদক অভিজিত শৰ্মা, ভাৰতীয় বাণিজ্য আৰু উদ্যোগ সংঘৰ (FICCI) অধ্যক্ষ দীপাংকৰ বৰুৱা আৰু বিশ্বজিত চক্ৰৱৰ্তী, উত্তৰ-পূৱ উদ্যোগ আৰু বাণিজ্য সংঘৰ(FINIER) দুই সঞ্চালক ক্ৰমে বিনোদ লোহিয়া আৰু বিনীত টুডি, ভাৰতীয় উদ্যোগ সংঘৰ (CII) উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ অভিজিত বৰুৱা, সঞ্চালক চান্তা শৰ্মা উপস্থিত থাকে ।

ইফালে লঘু উদ্যোগ ভাৰতী, গুৱাহাটীৰ অধ্যক্ষ আশীষ কুমাৰ বাজাজ, আছাম ৰীয়েল এষ্টেট্ ইনফ্ৰাস্ট্ৰাকচাৰ ডেভেলপাৰ্চ এছ'চিয়েশ্যনৰ (AREIDA) সভাপতি পি কে শৰ্মা, টেক্স বাৰ এছ'চিয়েশ্যনৰ (Tax Bar Association) অধ্যক্ষ গোপাল সিংঘানীয়া, আছাম ড্ৰাগ ডীলাৰ্চ এছ'চিয়েশ্যনৰ (Assam Drug Dealers Association) সভাপতি প্ৰমোদ মৌৰ, গুৱাহাটী চেনিটেৰী এণ্ড হাৰ্ডৱেৰ মাৰ্চেণ্টছ এছ'চিয়েশ্যনৰ সভাপতি ৰমেশ পাৰিক আৰু হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যন অৱ আছামৰ হৈ মনোজ শেঠীয়া আৰু দীপাংকৰ বৰুৱাই অংশগ্ৰহণ কৰে । উল্লেখ্য যে, দীঘলীয়া এই মত বিনিময় অনুষ্ঠানত বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰ, কৰ আয়ুক্ত ৰাকেশ আগৰৱালা উপস্থিত আছিল ।

লগতে পঢ়ক : গ্ৰেপ্তাৰ দৰং জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.