ETV Bharat / state

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সদনত দাখিল কৰিব বাজেট

author img

By

Published : Jul 16, 2021, 9:54 AM IST

পঞ্চদশ অসম বিধানসভা (Assam Assembly)ৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন (Budget Session) 12 জুলাইৰ পৰা আৰম্ভ হৈছে । আজি অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰিব ৷ এই বাজেটখনক লৈ শাসক বিৰোধীৰ মাজত উৎকন্ঠা বৃদ্ধি পাইছে ৷ তদুপৰি এইবাৰ প্ৰথমবাৰলৈ ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰি বাজেটখন প্ৰস্তুত কৰা হৈছে ৷

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সদনত দাখিল কৰিব বাজেট
বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সদনত দাখিল কৰিব বাজেট

নিউজ ডেস্ক, 16 জুলাই : বিত্তমন্ত্ৰী অজন্তা নেওগে (Finance Minister Ajanta Neog) শুকুৰবাৰে অসম বিধানসভা (Assam Assembly)ত বাজেট দাখিল কৰিব । আজি বিয়লি ৩ বজাত বিত্তমন্ত্ৰীগৰাকীয়ে সদনত দাখিল কৰিব এই বাজেট । এইখন ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) চৰকাৰৰ প্ৰথমখন বাজেট ৷ এই বাজেটক লৈ বৰ্তমান শাসক বিৰোধীৰ মাজত চলিছে সৰৱ চৰ্চা ৷

অসম বিধানসভা (Assam Assembly)ত এইবাৰ প্ৰথমবাৰলৈ এগৰাকী মহিলা বিত্তমন্ত্ৰী (Finance Minister)য়ে বাজেট দাখিল কৰিব । বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে বাজেটত স্থান লাভ কৰাৰ আশা কৰা হৈছে ৷ বাজেটত ৰাজ্যৰ প্ৰায় ১২ লাখ মহিলাৰ মাইক্ৰ'ফাইনেঞ্চ (Microfinance)ৰ ঋণৰ ক্ষেত্ৰত কিছু সকাহ দিয়াৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, সোমবাৰৰ পৰা আৰম্ভ হৈছে পঞ্চদশ অসম বিধানসভা (Assam Assembly)ৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন (Budget Session) । সম্পূৰ্ণ এমাহজুৰি চলিবলগীয়া এই অধিৱেশনত দাখিল হ’ব বহুকেইখন গুৰুত্বপূৰ্ণ বিধেয়ক (Bill) ।

ইয়াৰে দুখন বিধেয়কক লৈ ইতিমধ্যে আৰম্ভ হৈছে ৰাজনৈতিক মহলত তীব্ৰ বাদানুবাদ আৰু মতানৈক্য । এই বিধেয়ক দুখন হৈছে- ‘জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক’ (Population Control Bill, 2019) আৰু ‘গো সংৰক্ষণ বিধেয়ক’ (Assam Cattle Preservation Bill, 2021) । ইতিমধ্যে গো সংৰক্ষণ বিধেয়ক (Assam Cattle Preservation Bill, 2021) খন সদনত উত্থাপন কৰা হৈছে আৰু বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন বাজেট সকলো প্ৰকাৰৰ লোকক উপকৃত কৰিব পৰাকৈ প্ৰস্তুত কৰাৰ বাবেই এইবাৰ ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰি বাজেট দাখিলৰ প্ৰস্তুতি চলাইছে বুলি জানিবলৈ দিয়ে বিত্তমন্ত্ৰী অজন্তা নেওগে (Finance Minister Ajanta Neog) । বিশেষকৈ যুৱ প্ৰজন্মক আত্মনির্ভৰশীল কৰাৰ ক্ষেত্ৰত উদগনি প্ৰদানৰ দিশটোৱে এই বাজেটত বিশেষ গুৰুত্ব লাভ কৰিছে ।

বিত্তমন্ত্ৰীগৰাকীয়ে ক’ভিড (Covid 19) সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ বিভিন্ন স্তৰৰ লোকক সাক্ষাৎ কৰি পৰামৰ্শ গ্ৰহণ কৰিব নোৱাৰাৰ বাবে ই-মেইল আৰু ৱাটছ এপৰ জৰিয়তে বাজেট সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰিছে ৷ অসমত প্ৰথমবাৰৰ বাবে ৰাইজৰ পৰামৰ্শৰে বাজেট দাখিলৰ ব্যৱস্থা কৰাত মন্ত্ৰী অজন্তা নেওগৰ শলাগ লৈছে বিভিন্নজনে । বিত্তমন্ত্ৰী গৰাকীয়ে এইবেলি কেনে ধৰণৰ বাজেট প্ৰস্তুত কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত বিপদত পেলাব নেকি গেৰুৱা দলক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.