ETV Bharat / state

মণিপুৰত নিৰ্বাচনী হিংসাৰ আশংকা: মোতায়েন বৃহৎ সংখ্যক নিৰাপত্তা বাহিনীৰ জোৱান

author img

By

Published : Feb 11, 2022, 8:47 PM IST

Updated : Feb 11, 2022, 11:02 PM IST

আগন্তুক ‌২৮ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মণিপুৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত নিৰ্বাচনী হিংসাই পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ আশংকা ঘনীভূত হৈছে (Manipur election violence) । এই আশংকাক লৈ বিশেষ সতৰ্কতা অৱলম্বন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে । কেৱল পশ্চিম ইম্ফলতে নিৰাপত্তা বাহিনীৰ ৬০ টা কোম্পানী মোটায়েন কৰাৰ প্ৰস্তাৱত অনুমোদন দিয়া হৈছে ।

Manupur Election news
মণিপুৰত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী: উত্তৰ-পূৱৰ অন্যতম সংঘাত-জৰ্জৰ প্ৰদেশ হিচাপে চিহ্নিত হৈ অহা মণিপুৰত আগন্তুক ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোট গ্ৰহণ (Manupur Election news) । বৰ্তমানে বিজেপি নেতৃত্বাধীন মিত্ৰশক্তিৰ চৰকাৰ চলি থকা মণিপুৰত এইবাৰ কোন দলৰ বা মিত্ৰ শক্তিয়ে চৰকাৰ গঠন কৰিব ৷ তাকে‌ লৈ ৰাজনৈতিক মহলত যিমান আলোচনা হৈছে, তাতকৈ অধিক আলোচনা হৈছে নিৰ্বাচনী হিংসাক লৈ থকা আশংকাক‌ লৈ ।

আশংকা কৰা‌ হৈছে যে, আগন্তুক ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণৰ আগে-পিছে পশ্চিম ইম্ফলকে মুখ্য কৰি ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চলত ব্যাপক হাৰত নিৰ্বাচনী হিংসা সংঘটিত হ'ব পাৰে (Manipur election violence) । উল্লেখ্য যে, মণিপুৰৰ বিধানসভাৰ নিৰ্বাচনত নিৰ্বাচনী হিংসাৰ আশংকাৰ আঁৰত আছে, মণিপুৰৰ এক বৃহৎ অংশক‌ সামৰি বিদ্ৰোহী সংগঠন এনে এছ চি এন আই-এমে বৃহত্তৰ নাগালিম গঠন কৰাৰ প্ৰস্তাৱ আজিও ওলমি থকাৰ এক আভ্যন্তৰীণ পৰিস্থিতি ।

মণিপুৰৰ ভূখণ্ডক নাগালিমত সামৰি লোৱাৰ প্ৰস্তাৱক মনিপুৰৰ সামাজিক সংগঠনসমূহে বিৰোধ কৰি আহিছে ।

মণিপুৰবাসীৰ এই বিৰোধক সন্মান নকৰাকৈ বা‌ গুৰুত্ব নিদিয়াকৈ কোনো ৰাজনৈতিক দলেই ৰাজ্যখনত শাসন-প্ৰশাসন চলাব নোৱাৰে । কিন্তু তাৰ‌ পাচতো এন এছ চি এন আই-এম ৰ নেতৃত্ব ই বিজেপিয়ে মুখ্য কৰি ভুল ৰাজনৈতিক দলসমূহৰ ওপৰত এক প্ৰকাৰৰ হেঁচাৰ সৃষ্টি কৰিব বিচাৰিছে বুলি চোৰাংচোৱা সূত্ৰ ই জানিবলৈ দিছে । এনে হেঁচা সৃষ্টি অভিযানৰ অংশ হিচাবে ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰত প্ৰাক নিৰ্বাচনী হিংসাৰ জন-জীৱন বিপৰ্যস্ত কৰাৰ উপৰি ভোটদান প্ৰক্ৰিয়া প্ৰভাৱিত কৰিব পাৰে‌ বুলি গৃহ বিভাগে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ।

লগতে পঢ়ক : Assam-Arunachal Border dispute: লখিমপুৰৰ অৰুণাচল সীমান্তত উত্তেজনা

সূত্ৰটোৰ মতে,পশ্চিম ইম্ফলৰ অন্তৰ্গত ১৩ টা বিধানসভা সমষ্টিৰ এলেকাক বিশেষ স্পৰ্শকাতৰ অঞ্চল বুলি চিহ্নিত কৰা হৈছে । এনে সমষ্টিসমূহৰ ভিতৰত আছে ৱাংখেই, ছেকমাই, ৱাইছকুল, লামছাং, লাংথাবাল, মায়ং ইম্ফল, পাটছৈ আদি । পশ্চিম ইম্ফলৰ এই আটাইকেইটা সমষ্টিতে ভোট গ্ৰহন অনুষ্ঠিত হ'ব ২৮ ফেব্ৰুৱাৰীত ।

ইটিভিৰ হাতত পৰা তথ্য অনুসৰি, কেৱল পশ্চিম ইম্ফলতে চি আৰু পি এফ, চি আই এছ এফ, বি এছ এফ কে ধৰি নিৰাপত্তা বাহিনীৰ ৬২ টা কোম্পানী নিয়োজিত কৰা হৈছে । এই সপ্তাহতে আটাইকেইটা কোম্পানী আহি অঞ্চলটোত উপস্থিত হ’বহি । উল্লেখ্য যে, প্ৰথম পৰ্যায়ত ৩৮ টা সমষ্টিত হ’বলগীয়া ভোট গ্ৰহণৰ ২৯ সমষ্টিয়েই সমতল অঞ্চলৰ ।

আনহাতে, সাতটা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আৰু পাহাৰীয়া সমষ্টি । এই আটাইকেইটা সমষ্টিতে‌ অতি লক্ষণীয়ভাৱে মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তা বাহিনীৰ জোৱান । মণিপুৰত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ৫ মাৰ্চত ।

মুঠ ৬০ বিধানসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহন অনুষ্ঠিত হ’বলগীয়া ২৩ টা সমষ্টিটো নিৰাপত্তা বাহিনীৰ মোতায়েনৰ বাবে সকলো আয়োজন সম্পূৰ্ণ কৰা হৈছে । মণিপুৰ আৰক্ষীয়ে সাংবাদিকক জনোৱা মতে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ স্থলীৰ পৰা নিৰাপত্তা বাহিনীৰ জোৱানক দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ লৈ নিনিয়াকৈ সেই অঞ্চলত নতুন কোম্পানী মোতায়েন কৰা হ'ব ।

কাৰণ ভোট গ্ৰহণ আৰু ফলাফল ঘোষণাৰ পিছলৈ যিহেতু নিৰ্বাচনী হিংসাৰ আশংকা কৰা হৈছে, সেয়ে সমগ্ৰ ৰাজ্যখনে নিৰাপত্তা ব্যাৱস্থা কটকটীয়া কৰি ৰখাটো জৰুৰী বুলি বিবেচিত হৈছে । ইয়াৰ বাবে নিৰাপত্তা বাহিনীৰ অতিৰিক্ত ৫০ টা কোম্পানী মোতায়েন কৰাৰ আৰ্জি দিয়া হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উত্তৰাখণ্ডলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মা

Last Updated : Feb 11, 2022, 11:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.