ETV Bharat / state

প্ৰখ্যাত কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তৰ দেহাৱসান - বিষ্ণু ৰাভা বঁটা

দৈনিক অসম বাতৰি-কাকতৰ কাঁহুদী শিৰোনামাৰে অসমৰ প্ৰথমটো 'বক্স কাৰ্টুন' বা 'পকেট কাৰ্টুন' অংকন কৰা ত্ৰৈলোক্য দত্তৰ জন্ম হৈছিল বৰপেটা জিলাৰ বজালী অঞ্চলৰ ৰতনপুৰ গাঁৱত। চৰকাৰী জলপানি লৈ ত্ৰৈলোক্য দত্তই কলিকতাৰ চাৰুকলা মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল যদিও সময়মতে জলপানিৰ ধন নোপোৱাত তেওঁ ইটো-সিটো কাম কৰি অধ্যয়ন চলাই যায়। ইপিনে ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত তেওঁ অসমলৈ উভতি অহাত জলপানিৰ ধনো বন্ধ হৈ যায়। কিন্তু নিজৰ খৰচতে ত্ৰৈলোক্য দত্তই অধ্যয়ন অব্যাহত ৰাখে আৰু ১৯৬৩ চনত অধ্যয়ন সম্পূৰ্ণ কৰি অসমলৈ উভতি আহে ৷

famous-cartoonist-tralukya-dutta-passed-away
প্ৰখ্যাত কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তৰ দেহাৱসান
author img

By

Published : Nov 12, 2020, 9:40 PM IST

গুৱাহাটী,১২ নৱেম্বৰঃ অসমত ৰাজনৈতিক কাৰ্টুনৰ গুৰি ধৰোঁতা তথা পৃথক চিন্তাৰে চিত্ৰ আৰু কাৰ্টুনৰ দ্বাৰা সজাগ-সচেতনতাৰ সৃষ্টি কৰা প্ৰখ্যাত চিত্ৰকৰ তথা কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তই বুধবাৰে ইহলীলা সম্বৰণ কৰে ৷ ৯০ বছৰ বয়সত দেহাৱসান ঘটা প্ৰসিদ্ধ কাৰ্টুনিষ্টগৰাকী দীৰ্ঘদিন ধৰি জিএমচিত চিকিৎসাধীন হৈ আছিল ৷ সোমবাৰৰ পৰা ক্ৰমশঃ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আই চি ইউলৈ স্থানান্তৰ কৰা হৈছিল দত্তক ৷ অৱশেষত বুধবাৰে নিশা ১১ বজাত বৈকুণ্ঠগামী হয় প্ৰবীণ চিত্ৰকৰগৰাকী । বৃহস্পতিবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত দত্তৰ নশ্বৰদেহ তেওঁৰ হাতীগাঁৱৰ লখিমী নগৰৰ বাসগৃহত অন্তিম শ্ৰদ্ধা জনাই পোনে পোনে গুৱাহাটী আৰ্টিষ্ট গ্ৰীল্ড আৰু পৰৱৰ্তী সময়ত তেওঁৰ কৰ্মস্থান আসাম ট্ৰিবিউন গোষ্ঠীৰ কাৰ্যালয়লৈ নি অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে সতীৰ্থ কৰ্মী তথা শুভাকাংক্ষীসকলে। ইয়াৰ পিছতে নৱগ্ৰহ শ্মশানত অন্তিম সৎকাৰ কৰা হয় প্ৰবীণ চিত্ৰকৰগৰাকীৰ ।

প্ৰখ্যাত কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তৰ দেহাৱসান

দৈনিক অসম বাতৰি-কাকতৰ কাঁহুদী শিৰোনামাৰে অসমৰ প্ৰথমটো 'বক্স কাৰ্টুন' বা 'পকেট কাৰ্টুন' অংকন কৰা ত্ৰৈলোক্য দত্তৰ জন্ম হৈছিল বৰপেটা জিলাৰ বজালী অঞ্চলৰ ৰতনপুৰ গাঁৱত । তেখেতৰ পিতৃ আৰু মাতৃৰ নাম ক্ৰমে ৰতিৰাম দত্ত আৰু ৰথেশ্বৰী দত্ত। ১৯৫০ চনত বজালী উচ্চ বিদ্যালয়ৰ পৰা ত্ৰৈলোক্য দত্তই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ দৰং মহাবিদ্যালয়ত আই.এছ.চি. শিক্ষাগ্ৰহণ কৰে । পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীলৈ আহি টাইপ ৰাইটিং, ষ্টেন'গ্ৰাফী, সংগীত আৰু শাস্ত্ৰীয় নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। ১৯৫২ চনত তেওঁ নতুন অসমীয়া কাকতত বিজ্ঞাপন বিভাগৰ কাৰ্যালয় সহায়ক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। কাকতখনৰ সম্পাদক কীৰ্তিনাথ হাজৰিকাই ত্ৰৈলোক্য দত্তৰ চিত্ৰাংকণৰ দক্ষতাৰ বিষয়ে জানিবলৈ পাই তেখেতৰ হতুৱাই অসমৰ বান সমস্যা সন্দৰ্ভত এখন ব্যংগচিত্ৰ অংকন কৰায়। ইয়াৰ পাছত তেখেতে সূৰ্য্য কুমাৰ ভূঞাৰ আমন্ত্ৰণত অসম চৰকাৰৰ 'চৰকাৰী বুৰঞ্জী আৰু পূৰাতত্ব বিভাগ'ত যোগদান কৰে আৰু পুৰণি পুথিৰ নৱ-লিখন কাম কৰিবলৈ আৰম্ভ কৰে।তদুপৰি চৰকাৰী জলপানি লৈ ত্ৰৈলোক্য দত্তই কলিকতাৰ চাৰুকলা মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল যদিও সময়মতে জলপানিৰ ধন নোপোৱাত তেওঁ ইটো-সিটো কাম কৰি অধ্যয়ন চলাই যায়। ইপিনে ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত তেওঁ অসমলৈ উভতি অহাত জলপানিৰ ধনো বন্ধ হৈ যায়। কিন্তু নিজৰ খৰচতে ত্ৰৈলোক্য দত্তই অধ্যয়ন অব্যাহত ৰাখে আৰু ১৯৬৩ চনত অধ্যয়ন সম্পূৰ্ণ কৰি অসমলৈ উভতি আহে ৷

পৰৱৰ্তী সময়ত ত্ৰৈলোক্য দত্তই নটৰাজ থিয়েটাৰৰ কলা বিভাগৰ বিভিন্ন কাম-কাজ চলাই যায়। কিছুবছৰৰ বাবে তেখেতে অসম চৰকাৰৰ জনসংযোগ বিভাগতো চাকৰি কৰিছিল। জনসংযোগৰ চাকৰি বাদ দি দত্তই 'নতুন অসমীয়া'ৰ দ্বাৰা প্ৰকাশিত আৰু ৰাধিকামোহন ভাগৱতী সম্পাদিত আলোচনী ৰামধেনুত যোগ দিয়ে। ইয়াৰ পাছত 'আছাম ট্ৰিবিউন” গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন দৈনিক অসমীয়া বাতৰি কাকত “দৈনিক অসম”ৰ লগত জড়িত হয় আৰু কাকতখনৰ লগত তেখেতৰ দৈনিক কাৰ্টুন কাঁহুদী প্ৰকাশ পায় । অসমত ৰাজনৈতিক ব্যংগ চিত্ৰৰ ধাৰাটোৰ গুৰি ধৰিছিল ত্ৰৈলোক্য দত্তই। দৈনিক অসম কাকতত তেখেতৰ নিয়মীয়া বক্স কাৰ্টুন আছিল 'কাঁহুদী'। কাঁহুদীত এহাল বুঢ়া-বুঢ়ীয়ে সদায়ে ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাটোক তীক্ষ্ন ব্যংগোক্তিৰে সমালোচনা কৰি গৈছিল । উল্লেখ্য যে, কাঁহুদীৰ বৃদ্ধ মানুহজনো 'কাঁহুদী ককা' হিচাপে জনাজাত হৈ পৰিছিল ।

আনহাতে,দৈনিক অসমৰ বাহিৰেও পুলক গগৈৰ দ্বাৰা সম্পাদিত 'কাৰ্টুন' আৰু ৰবীন বৰুৱাৰ দ্বাৰা প্ৰকাশিত 'অবিকল' আলোচনীত ত্ৰৈলোক্য দত্তৰ কাৰ্টুন প্ৰকাশ পাইছিল । ইপিনে কাৰ্টুনৰ বাহিৰেও ত্ৰৈলোক্য দত্তই বিভিন্ন আলোচনী আৰু কিতাপৰ চিত্ৰাংকন, অলংকৰণ আৰু বেটুপাতৰ কাম কৰাৰ লগতে জ্যোতিষ চৰ্চাতো ত্ৰৈলোক্য দত্তই মনোনিবেশ কৰিছিল । ৰামধেনুত কৰ্মৰত কালতে দত্তই বিষ্ণু ৰাভাৰ সন্মুখত তেখেতৰ এখন ৰেখাচিত্ৰ অংকণ কৰি দিছিল, যিখনত বিষ্ণু ৰাভাই চহী কৰিছিল । অসম চৰকাৰৰ শিল্পী পেন্সনপ্ৰাপ্ত প্ৰয়াত দত্তই ২০০৮ বৰ্ষত অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা, ২০১৩ চনত অমূল্য কাকতী বঁটা আৰু একেটা বৰ্ষতে শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । এইগৰাকী প্ৰখ্যাত চিত্ৰকৰ তথা কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়কঃ আলফা (স্বাধীন)ৰ সক্ৰিয় সদস্য দৃষ্টি ৰাজখোৱা সমন্বিতে চাৰিজন সদস্যৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.