গুৱাহাটী, 31 মে' : যোৱা কেইবাদিনো ধৰি অসম আৰক্ষীৰ মোহৰ সম্বলিত এখন জাননী বিভিন্ন হোৱাটছএপ গ্ৰুপত প্ৰচাৰ হৈছিল। সেই একেখন জাননী ৩০ মে'ৰ নিশা অসমৰ জনসংযোগ বিভাগৰ হোৱাটছ এপ গ্ৰুপতো আপলোড কৰা হৈছিল । কিন্তু সেই জাননীখন এতিয়া চৰ্চিত হৈছে ৷
![Fake notice with Assam Police Logo become viral](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7424670_739_7424670_1590960636513.png)
জাননী খনত জনসাধাৰণলৈ ১৩ টা পৰামৰ্শ উল্লেখ আছিল। তাৰ ভিতৰত কেইটামান হ’ল-
• মহিলাসকলক বেছি আ-অলংকাৰ পৰিধান কৰি ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ পৰামৰ্শ ৷
• নিৰ্জন বা অন্ধকাৰ ৰাস্তাৰে অকলে নাযাবলৈ পৰামৰ্শ ৷
• পাৰ্চ বা মানিবেগত মূল্যৱান সামগ্ৰী, অলংকাৰ, নগদ ধনৰাশি বেছিকৈ নাৰাখিবলৈ পৰামৰ্শ ।
![Fake notice with Assam Police Logo become viral](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7424670_371_7424670_1590960610748.png)
লগতে পঢ়ক : অসমীয়া অনুবাদত নতুন সংযোজন ঘটাই তিনিবন্ধুৰ ব্যতিক্ৰমী প্ৰয়াস