নিউজ ডেস্ক ৰিপৰ্ট,13 মাৰ্চ : সম্প্ৰতি বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে মাৰাত্মক ক'ৰণা ভাইৰাছ অৰ্থাৎ COVID-19 য়ে ৷ বিশ্ব স্বাস্থ্য সংস্থাইয়ো ইতিমধ্যেই মহামাৰীৰূপে ঘোষণা কৰিছে সমগ্ৰ বিশ্বতে বিয়পি পৰা কৰ'ণা ভাইৰাছক ৷ 12 মাৰ্চৰ পুৱা পৰ্যন্ত সমগ্ৰ বিশ্বতে 1,25,955 গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 4,629 গৰাকী লোক ৷ কিন্তু অতি আচৰিত ভাৱে একাংশৰ বাবে যেন কৰ'ণা ভাইৰাছৰ এই সন্ত্ৰাস কেৱল কৌতুক আৰু মেমেৰ মাজতেই সীমাৱদ্ধ হৈ পৰিছে ৷ 2019 বৰ্ষৰ শেষৰ পৰা বিশ্বজুৰি কৰ'ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰিবলৈ আৰম্ভ কৰিবলৈ লোৱা পাছৰে পৰা ফেচবুক, হোৱাটচএপ আদি সামাজিক মাধ্যমত দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ পাতলীয়া ধেমালি, মেমে আদিৰ প্ৰচলন ৷ আনকি ধেমালিৰ চুড়ান্ত সীমা অতিক্ৰম কৰি কাণ্ড জ্ঞানহীন একাংশ লোকে সমাজিক মাধ্যমত প্ৰচাৰ কৰিছে ক'ৰণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ সন্দৰ্ভত একাংশ ভুৱা চিকিৎসাজনিত উপায় ৷ আনকি সুৰাজাতীয় পানীয়ক কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক বুলি চিকিৎসালয়ৰ ভুৱা পেডত প্ৰচাৰ চলাইছে কোনো দুষ্ট চক্ৰই ৷
উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ আতংকৰ সমান্তৰালকৈ এতিয়া সমাজত আতংকৰ সৃষ্টি কৰিছে একাংশ লোকৰ এই ধৰণৰ দায়িত্ব জ্ঞানহীন কৰ্ম কাণ্ডই ৷ বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰীৰূপে ঘোষণা কৰা এই ভাইৰাছ সন্দৰ্ভত এই ধৰণৰ অপপ্ৰচাৰে বিপথে পৰিচালিত কৰিছে একাংশক ৷ সেই সকলক এই মহমাৰী সন্দৰ্ভত সজাগ হোৱাৰ লগতে অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে সচেতন মহলে ৷
লগতে পঢ়কঃ কৰ'ণাভাইৰাছ প্ৰতিৰোধ : ন্যায়িক হস্তক্ষেপ দাবীৰে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন