ETV Bharat / state

ৰঙিয়াত কাৰ্ট'ন উৎপাদন কাৰখানাত ক’ভিড প্ৰট’কল উলংঘা - সান্ধ্য আইন

ৰঙিয়াৰ বঙালীকুছিত কাৰ্ট’ন উৎপাদন কৰা কাৰখানাত ক’ভিড প্ৰট’কল উলংঘা ৷ চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰি 50 শতাংশ কৰ্মচাৰীৰ 90 শতাংশ কৰ্মচাৰীৰ উপস্থিতিত কাম চলাই থকাৰ অভিযোগ কাৰখানাটোৰ বিৰুদ্ধে ৷

factory-in-rangia-break-covid-protocol
ৰঙিয়াত কাৰ্ট'ন উৎপাদন কাৰখানাত ক’ভিড প্ৰট’কল উলংঘা
author img

By

Published : May 20, 2021, 10:24 PM IST

ৰঙিয়া, 20 মে’ : ৰঙিয়াৰ বঙালীকুছিত থকা লক্ষ্মী নাৰায়ণ পেকেজিং ইণ্ডাষ্ট্ৰি নামৰ এই কাৰ্ট’ন উৎপাদন কৰা কাৰখানাত উলংঘা হৈছে ক’ভিড প্ৰট’কল ৷ সান্ধ্য আইন আৰম্ভ হোৱাৰ পাছতো কাৰখানাটোত কৰ্মচাৰীসকলক কাম কৰাবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ তদুপৰি কাৰখানাটোত কৰ্মৰত কৰ্মচাৰীসকলক কোনো ধৰণৰ পৰিচয় পত্ৰ প্ৰদান নকৰাত কামৰ অন্তত ঘৰলৈ যাওঁতে আৰক্ষীৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয় ৷

ৰঙিয়াত কাৰ্ট'ন উৎপাদন কাৰখানাত ক’ভিড প্ৰট’কল উলংঘা

আনহাতে চৰকাৰৰ নিৰ্দেশনা অনুসৰি কৰ’ণাৰ ভয়াৱহতাৰ বাবে উদ্যোগ-কাৰখানাবোৰত 50 শতাংশ কৰ্মচাৰীক কাম কৰিবলৈ অনুমতি প্ৰদান কৰিছে যদিও উক্ত কাৰখানাটোত 90 শতাংশ কৰ্মচাৰীৰ উপস্থিতিত কাম চলি থকাৰো অভিযোগ উত্থাপন হৈছে ৷

সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো ব্যাপক হাৰত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো এনেদৰে এচাম লোকে ক’ভিডৰ নীতি-নিয়ম ভৰিৰে মোহাৰি কাম চলাই গৈছে । এইক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালৰৰ সৈতে মত-বিনিময় বিজেপিৰ বিষয়ববীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.