ETV Bharat / state

অসম ৰাজ্যিক চিৰিয়াখানাত মুকলি হ’ল দুস্প্ৰাপ্য প্ৰজাতিৰ মাকাউ আৰু কেংগেৰু

author img

By

Published : Nov 6, 2020, 12:59 PM IST

Updated : Nov 7, 2020, 8:15 AM IST

অসম ৰাজ্যিক চিৰিয়াখনত দৰ্শনাৰ্থীয়ে দৰ্শন কৰিব পাৰিব বিৰল প্ৰজাতিৰ কেংগেৰু । শুকুৰবাৰে মুকলি কৰি দিয়া হয় দৰ্শনাৰ্থীৰ বাবে ৷

Extinct species of macaws and monkeys released at Assam State Zoo
অসম ৰাজ্যিক চিৰিয়াখানাত মুকলি হ’ল দুস্প্ৰাপ্য প্ৰজাতিৰ মাকাউ আৰু কেংগেৰু

গুৱাহাটী, 6 নৱেম্বৰ : অসমবাসীৰ বাবে সু-খবৰ । কিয়নো শুকুৰবাৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখনত দৰ্শনাৰ্থীয়ে দৰ্শন কৰিব পাৰিব বিৰল প্ৰজাতিৰ কেংগেৰু । উল্লেখ্য যে,3 মাহ পূৰ্বে অসম-মিজোৰাম সীমান্তত চোৰাং চিকাৰীৰ কবলৰ পৰা বন বিভাগে উদ্ধাৰ কৰিছিল বিৰল প্ৰজাতিৰ মাকাউ বান্দৰৰ লগতে দুস্প্ৰাপ্য কেংগেৰু । তেতিয়াৰে পৰা অসম ৰাজ্যিক চিৰিয়াখানাত চিকিৎসকৰ তীক্ষ্ণ পৰ্যবেক্ষণত ৰখা হৈছিল জন্তু কেইটাক ।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য

লগতে পঢ়ক : মিজো আগ্ৰাসনৰ বিৰুদ্ধে কাছাৰত CPIMৰ প্ৰতিবাদ

প্ৰায় তিনি মাহ চিকিৎসা প্ৰদানৰ অন্তত শুকুৰবাৰে ৰাজ্যিক চিৰিয়াখানাত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিলে বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্যই ৷ শুকুৰবাৰে দুস্প্ৰাপ্য এই জীৱসমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ভাৰতৰ ভিতৰত অসম ৰাজ্যিক চিৰিয়াখানাই একমাত্ৰ চিৰিয়াখানা য’ত এনে বিৰল প্ৰজাতিৰ মাকাউ আৰু দুস্প্ৰাপ্য কেংগেৰু পোৱা যায় ৷

উল্লেখ্য যে,দৰ্শনাৰ্থীৰ আকৰ্ষণৰ বাবে মুকলি কৰাৰ লগতে দুস্প্ৰাপ্য এই জীৱ সমূহৰ যাতে প্ৰজনন ঘটে তাৰ বাবে বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ কৰা হৈছে বান্দৰ আৰু মাকাউৰ গৃহকেইটা ৷ কলকাতাৰ অভিজ্ঞ,বিশেষজ্ঞ পশু চিকিৎসকৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা গৃহ কেইটাত প্ৰাণী কেইটা দৰ্শনাৰ্থীৰ বাবে শুকুৰবাৰে মুকলি কৰি দিয়ে ৷

লগতে পঢ়ক : জোনাইত যান-বাহন আইন উলংঘাকাৰীৰ পৰা সংগ্ৰহ জৰিমনা

Last Updated : Nov 7, 2020, 8:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.