ETV Bharat / state

Lok Sabha election 2024: মিত্ৰতাক লৈ বিজেপিৰ সৈতে কোনো আলোচনা হোৱা নাই বিপিএফৰ: দুৰ্গাদাস বড়ো - হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ

আগন্তুক লোকসভা নিৰ্বাচনত দুটাকৈ সমষ্টিত নিজা প্ৰাৰ্থী দিব ৰাজ্যৰ ভোট যুদ্ধত প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰা বিপিএফে ৷ বিজেপিৰ সৈতে মিত্ৰতাৰ কোনো প্ৰসংগ বৰ্তমান অহা নাই ৷ এই বাতৰি ভিত্তিহীন বুলি মন্তব্য কৰিছে বিপিএফৰ বিধায়িনী দলৰ নেতা তথা দলটোৰ মুখপাত্ৰ আৰু উপ-সভাপতি দুৰ্গাদাস বড়োৱে ৷ ইটিভি ভাৰত অসমৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মঙলবাৰে বিপিএফৰ নেতাগৰাকীয়ে স্পষ্টভাৱে সদৰী কৰে এই কথা ৷

Exclusive interview with BPF leader Durgadas Boro
BPF leader Durgadas Boro
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 6:34 PM IST

দুৰ্গাদাস বড়োৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

গুৱাহাটী, 7 নৱেম্বৰ: ৰাজ্যৰ ৰাজনীতিত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা এটা বিষয় হ’ল যে ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সহযোগী হ’ব নেকি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ ? আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো লোকসভা নিৰ্বাচনত বিপিএফৰ সহযোগিতা থাকিব বা লাগিব বুলি মন্তব্য কৰিছে ৷ বৰ্তমান বিজেপিৰ মিত্ৰজোঁট নাইবা I.N.D.I.A. কোনো এটা মিত্ৰজোঁটৰে অংশীদাৰ নহয় বিপিএফ। সেয়ে দলটোৰ ভূমিকা কি হ’ব তাৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ আছে ৷

বিপিএফৰ মুখপাত্ৰ আৰু উপ-সভাপতি দুৰ্গাদাস বড়োৱে মঙলবাৰে ইটিভিৰ সন্মুখত স্পষ্টভাৱে প্ৰকাশ কৰে যে লোকসভা নিৰ্বাচনত নিজাববীয়াকৈ প্ৰতিদ্বন্দিতাৰ বাবে বিপিএফ সাজু হৈছে ৷ দলীয় কৰ্ণধাৰৰ সিদ্ধান্ত অনুসৰি কোকৰাঝাৰ আৰু নৱগঠিত দৰং-ওদালগুৰি সমষ্টিত নিজা প্ৰাৰ্থী দিবলৈ ঠিৰাং কৰিছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে ৷ দুৰ্গাদাস বড়োৰ মতে ইতিমধ্যে কোকৰাঝাৰ সমষ্টিত নিজা প্ৰাৰ্থী প্ৰায় নিশ্চিত কৰিছে বিপিএফে । দৰং-ওদালগুৰিত তিনিজনৰো অধিক প্ৰাৰ্থীৰ নাম দলটোৰ তালিকাত আছে ৷

মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ক’লেও বৰ্তমানলৈকে বিপিএফৰ সৈতে মিত্ৰতাক লৈ বিজেপিৰ কোনো কথা-বতৰা হোৱা নাই বুলি ইটিভি ভাৰতক স্পষ্টকৈ কয় দুৰ্গাদাস বড়োৱে ৷ কেৱল বিটিচিয়েই নহয় বিটিচিৰ বাহিৰত থকা ১০ লাখ ভোটাৰৰ সৰহভাগেই বিপিএফৰ লগত থকা বুলি দাবী দলটোৰ মুখপাত্ৰ দুৰ্গাদাস বড়োৰ ৷ এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কমেও ২১ টা বিধানসভা সমষ্টিত বিপিএফৰ প্ৰভাৱ থাকিব বুলি দাবী বড়োৰ ৷

পূৰ্বে বিপিএফৰ প্ৰভাৱ থকা বিধানসভা সমষ্টিৰ সংখ্যা ১৮ টা আছিল বুলি সদৰী কৰিছে দলটোৰ বিধায়িনী দলৰ নেতাগৰাকীয়ে ৷ আনহাতে শাসকীয় বা বিৰোধী মিত্ৰজোঁটৰ কোনো এটাতো নাই আজমলৰ দল AIUDF ৷ ইফালে আজমলৰ দলটোৱে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ এই তিনিটা সমষ্টিতে প্ৰাৰ্থী দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে । সেয়ে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি দুয়োটা লোকসভা সমষ্টিতে বিপিএফে AIUDF ৰ ভোটবেংকৰ সকলো ভোটেই লাভ কৰিব বুলি দাবী দুৰ্গাদাস বড়োৰ ৷

লগতে পঢ়ক: Loksabha Election 2024: বিৰোধী মিত্ৰজোঁটলৈ কিয় শুভেচ্ছা জনালে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.