ETV Bharat / state

দুবছৰ পিছত ৰাইজেই ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আনিব নেকি অনাস্থা ? - প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন

বছৰ পিছত ৰাইজেই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অনাস্থা আনিব বুলি মন্তব্য জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ৷ ২৭ ৰ পৰা ৬০ খন আসন হ’বলৈ কংগ্ৰেছক বেছি সময় নালাগে বুলিও মন্তব্য হুছেইনৰ ৷

দুবছৰ পিছত ৰাইজেই ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আনিব নেকি অনাস্থা ?

author img

By

Published : Nov 8, 2021, 9:31 PM IST

গুৱাহাটী, ৮ নৱেম্বৰ : বালিলৈ যিপাট সুগ্ৰীবলৈও সেই একেপাট । এই কটাক্ষ জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ । বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ শেহতীয়া কেতবোৰ কাম-কাজৰ তীক্ষ্ণ সমালোচনা কৰি সোমবাৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু তেওঁৰ পৰিয়ালৰ কংগ্ৰেছ দলৰ প্ৰতি বৃহৎ অবদান আছে । গতিকে ভূৱা গোচৰত অশোক শইকীয়াক গ্ৰেপ্তাৰ কৰি যদি চৰকাৰখনে ভয় খুৱাব বিচাৰিছে সেয়া উচিত হোৱা নাই ।

তেওঁ আৰু কয় যে মাকৰ নামত, পত্নীৰ নামত কোটি কোটি টকা ঋণ লৈ ঘূৰাই নিদিয়া, বেংকে পলাতক, দেউলীয়া বুলি ঘোষণা কৰাজনকো বিজেপিয়ে বিধায়ক পাতিছে । আনহাতে, হিমাচল প্ৰদেশৰ লগতে দেশৰ পাঁচখন ৰাজ্যত বিজেপিৰ যি দূৰ্দশা চলিছে একে অৱস্থা অসমতো হব বুলি তেওঁ মন্তব্য কৰে । কংগ্ৰেছ নেতাজনে কয় " অসমত এইখন চৰকাৰৰ চাৰি-পাঁচ মাহ হৈছেহে । দুটা বছৰ পাৰ হবলৈ দিয়ক , ৰাইজক যিদৰে এইখন চৰকাৰে টেটুচেপা দিছে, দুবছৰ পিছত ৰাইজেই এইখন চৰকাৰৰ বিৰুদ্ধে অনাস্থা আনিব ।"

দুবছৰ পিছত ৰাইজেই ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আনিব নেকি অনাস্থা ?

তেওঁ আৰু কয় যে, বিজেপিয়ে ৫ খন আসনৰ‌ পৰা ৬০ খনলৈ লাভ কৰিছে । ৰাইজেই দিছে তেওঁলোকক ৬০ খন । কংগ্ৰেছৰ হাতত এতিয়াও ২৭ খন আসন আছে । ২৭ ৰ পৰা ৬০ হবলৈ কিমান সময় লাগিব পাৰে ।

লগতে পঢ়ক : লুৰীণলৈ বুলি একেই আছেনে ৰাইজৰ মৰম ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.