ETV Bharat / state

কংগ্ৰেছলৈ ধাপলি মেলিব বহু বিজেপি নেতাঃ ৰকিবুল হুছেইন

author img

By

Published : Sep 2, 2020, 3:05 PM IST

নিৰ্বাচনী অধিসূচনা জাৰি হোৱা পাচতে ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিব বুলি মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ৷ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে বিজেপিৰ পৰা বহু নেতা কৰ্মী কংগ্ৰেছলৈ ধাপলি মেলিব মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ বুধবাৰে বিধানসভা অধিৱেশৰ মাজতে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰকিবুল হুছেইন ৷

ৰকিবুল হুছেইন
নিৰ্বাচনী অধিসূচনা জাৰি হ'লেই কংগ্ৰেছলৈ ধাপলি মেলিব বহু বিজেপি নেতাঃ ৰকিবুল হুছেইন

গুৱাহাটী, ২ ছেপ্টেম্বৰঃ নিৰ্বাচনী অধিসূচনা জাৰি হোৱা মাত্ৰকে বৰ্তমানৰ বহু বাঘা বাঘা বিজেপি নেতা, বিধায়কে যোগদান কৰিব কংগ্ৰেছত । এই দাবী কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ । বিধানসভাৰ অধিৱেশনৰ মাজতে বুধবাৰে ৰকিবুল হুছেইনৰ নেতৃত্বত কংগ্ৰেছ বিধায়কৰ এটা দলে বিজেপি দল আৰু চৰকাৰখনক তীৰ্যক ভাষাৰে আক্ৰমণ কৰে । হুছেইনে কয়- "যোৱা নিৰ্বাচনৰ সময়ত আমিও ভাবিছিলো যে চৰকাৰ পুণৰ আমিয়েই গঠন কৰিম । কিন্তু নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে আমাৰ বহু লোক বিজেপিলৈ গ'ল । এইবাৰ তেওঁলোকৰ পাল । অধিসূচনা জাৰি হোৱাৰ লগে লগে পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিব । এই নিৰ্বাচনতে ৰাজনৈতিকভাবে বিজেপিৰ মৃত্যু ঘটিব ।"

আনহাতে, বিভিন্ন বিষয়ত চৰকাৰে আয়োগ, উচ্চ ক্ষমতা সম্পন্ন সমিতি আদি গঠন কৰি দিয়ে যদিও সেই আয়োগসমূহে দাখিল কৰা প্ৰতিবেদন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কিন্তু চৰকাৰখনে বিন্দুমাত্ৰও গুৰুত্ব আৰোপ নকৰে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে । উদাহৰণ হিচাপে তেওঁ হৰিশংকৰ ব্ৰহ্ম সমিতি আৰু অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে গঠন কৰি দিয়া সমিতিখনৰ প্ৰতিবেদনৰ বিষয়ে আঙুলিয়াই দিয়ে ।

ইপিনে, লকডাউনৰ সময়ত বহিঃৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা লোকসকলৰ পুণৰসংস্থাপনৰ বাবে চৰকাৰে কোনো ব্যৱস্থাই অদ্যপি গ্ৰহণ কৰা নাই বুলি অভিযোগ তোলে কংগ্ৰেছ নেতাজনে । আনকি বহিঃৰাজ্যৰ শ্ৰমিকসকলক অসমলৈ ঘূৰাই আনিবলৈ চৰকাৰে বিচৰাই নাছিল বুলিও মন্তব্য কৰে ৰকিবুল হুছেইন । মিত্ৰতা সন্দৰ্ভতো মন্তব্য কৰি তেওঁ কয় যে ৰাজ্যৰ জাতীয়তাবাদী শক্তি সমূহৰ উপৰি বাওদল সমূহৰ সৈতেও মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছে কথা বতৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ বন্ধ হোৱাৰ দিশে ৰাজ্যৰ দুটাকৈ কাগজ কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.