গুৱাহাটী, 25 মে’: বহিঃৰাজ্যৰ পৰা প্ৰত্যাৱৰ্তন কৰা অসমৰ লোকসকলক চৰকাৰে কোৱাৰেন্টাইনৰ নামত ন্যূনতম সেৱাখিনিও আগবঢ়োৱাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন প্ৰান্তৰ পৰা । আনকি 14 মে'ত চেন্নাইৰ পৰা অসমলৈ উভতি অহা যুৱকৰ দল এটাই একমাত্ৰ চৰকাৰৰ ভুল নীতি, সমন্বয়হীনতা আৰু উপযুক্ত পৰিকল্পনাৰ অভাৱতে 51 ঘণ্টা জীয়াতু ভুগিবলগীয়া হৈছিল ।
মুখ্যমন্ত্ৰীৰ একালৰ সতীৰ্থ তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই একেৰাহে তিনিদিন ধৰি ব্যক্তিগতভাৱে চলোৱা চেষ্টাৰ পিছতহে লোককেইজনে কোৱাৰেন্টাইন কেন্দ্ৰত আশ্ৰয় পাবলৈ সক্ষম হয় । ইয়াৰ পিছতে ভূঞাই সমস্ত ঘটনা বৰ্ণনা কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন দীঘলীয়া পত্ৰ । এই সমস্ত ঘটনাৰ বিৱৰণী ইটিভি ভাৰতকো ব্যক্ত কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।
আনহাতে, কোৱাৰেন্টাইন কেন্দ্ৰসমূহৰ শেহতীয়া অৱস্থাক লৈ সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দূৰ্গাদাস বড়ো । ইটিভি ভাৰতৰ আগত ক্ষোভ ব্যক্ত কৰি তেওঁ কয় যে, কোনোধৰণৰ বিজ্ঞানসন্মত ব্যৱস্থা নোহোৱাকৈয়ে সাজু কৰি তোলা হৈছে এই কেন্দ্ৰসমূহ । বৰ্তমান যি পৰিবেশত ইয়াক নিৰ্মাণ কৰা হৈছে, এনে পৰিৱেশত সংক্ৰমণৰ মাত্ৰাহে বৃদ্ধি হ’ব বুলি তেওঁ মন্তব্য কৰে । 8 খন বিচনাৰ ব্যৱস্থা থকা একেটা কোঠালিত 14/15 জনলৈকে থাকিবলৈ দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।
লগতে পঢ়ক: দিল্লীত টেক্সি চালকৰ সৈতে ৰাহুল গান্ধীৰ বাৰ্তালাপ