গুৱাহাটী, 20 মে’: ৰাজ্যজুৰি অব্যাহত আছে দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খনন কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ । জৈৱ বৈচিত্ৰৰে ভৰপূৰ অভয়াৰণ্যখনৰ ৰক্ষাৰ হকে ইতিমধ্যে ৰাজ্যৰ ছাত্ৰসমাজে আৰম্ভ কৰিছে অনলাইন আন্দোলন । গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰসমাজৰ #SaveDehingPatkai শীৰ্ষক অভিযানক সমৰ্থন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।
![দিহিং পাটকাইৰ ঘটনাক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্তব্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-tarungogoiondehing-as10002_20052020143711_2005f_1589965631_660.jpg)
অসমৰ সম্পদক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজ দি যাব বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । পূৱৰ আমাজন ৰূপে খ্যাত দিহিং পাটকাইত মুখ্যমন্ত্ৰী হৈ থকা সময়ৰ পৰাই কয়লা খননৰ বিৰোধিতা কৰি আহিছিল বুলিও মন্তব্য কৰে তেওঁ ।
ইফালে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ।
লগতে পঢ়ক: দিহিং পাটকাইত হাত নিদিব: আলফা স্বাধীন