ETV Bharat / state

Protest at Silsako : শিলসাঁকোত উচ্ছেদিতৰ প্ৰতিবাদ; JCB আগত পৰি আত্মহত্যাৰ চেষ্টা এগৰাকী গৃহহাৰাৰ

author img

By

Published : Mar 9, 2023, 10:35 PM IST

এতিয়াও মাৰ যোৱা নাই গুৱাহাটীৰ শিলসাঁকো বিলত গৃহহাৰা হোৱা বহু লোকৰ বেথা ৷ চকুৰ সন্মুখতে সপোনৰ আপোন ঘৰখন চৰকাৰী পক্ষই ভাঙি পেলোৱাত দিশহাৰা হৈ পৰিছে এতিয়া শিলসাঁকোৰ বহু লোক ৷ শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালে পুনঃসংস্থাপন বিচাৰি বৃহস্পতিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ (Protest at Silsako) ৷ আনকি উচ্ছেদিত এগৰাকী মহিলাই চলন্ত JCB আগত পৰি আত্মহননৰো চেষ্টা চলায় ৷

Protest at Silsako
শিলসাঁকোত কান্দোনৰ ৰোল
শিলসাঁকোত কান্দোনৰ ৰোল

গুৱাহাটী, ৯ মাৰ্চ : গুৱাহাটীৰ শিলসাঁকো বিলত উচ্ছেদ অভিযান (Silsako eviction drive) সাময়িকভাৱে স্থগিত ৰাখিছে যদিও গৃহহাৰা লোকসকলৰ অসহনীয় বেদনা এতিয়াও দূৰ হোৱা নাই । বহুতৰে জীৱনৰ কষ্টোপাৰ্জিত ধনৰে নিৰ্মাণ কৰা সপোনৰ ঘৰখন প্ৰশাসনে বুলড’জাৰ লগাই ভাঙি পেলোৱাত হঠাৎ যেন নিঠৰুৱা হৈ পৰিছে উচ্ছেদিত পৰিয়ালসমূহ ।

ইফালে নিজৰ ঘৰখন ধ্বংসস্তুপত পৰিণত হোৱাৰ পিচতো ভঙা ঘৰখনৰ মোহ এৰিব পৰা উচ্ছেদিত বহু পৰিয়ালে । ইয়াৰ মাজতে উচ্ছেদিত স্থানসমূহত প্ৰশাসনে এক্সেভেটৰ লগাই পথ নিৰ্মাণ তথা খনন কাৰ্য অব্যাহত ৰাখিছে ৷ মৰমৰ আপোন ঘৰখন পুনৰ ঘূৰাই পোৱাৰ আশাত বৃহস্পতিবাৰে শিলসাঁকোৰ একাংশ উচ্ছেদিত লোকে পথ বন্ধ কৰি প্ৰশাসনৰ এই কাৰ্যত বাধা প্ৰদান কৰে (Protest at Silsako) ।

প্ৰশাসনৰ উচ্ছেদ অভিযানৰ ফলত গৃহহাৰা হোৱা শিলসাঁকোৰ সংগীতম অঞ্চলৰ লোকে চৰকাৰক অতি সোনকালে তেওঁলোকক পুনঃসংস্থাপন দিয়াৰ দাবী তুলি আজি অৰ্থাৎ বৃহস্পতিবাৰে দিনৰ ভাগত উচ্ছেদিত স্থানত এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে শিলসাঁকোৰ নিৰ্ধাৰিত সীমাৰ বাহিৰতো জি এম ডি এ কৰ্তৃপক্ষই অমানৱীয়ভাৱে উচ্ছেদ কৰি সেই উচ্ছেদিত স্থানত JCB লগাই এটা নতুন কেঁচা পথ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই হুলস্থূলীয়া পৰিৱেশৰ ।

লগতে পঢ়ক : Silsako eviction drive: 20 লাখ মানুহৰ বাবে 20 ঘৰ মানুহৰ উচ্ছেদ চলোৱাতো মানৱতাৰ কাম- জয়ন্ত মল্ল বৰুৱা

আনকি প্ৰতিবাদকাৰীসকলে JCB লগাই কাম কৰি থকা প্ৰশাসনৰ লোকক কাম কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে । ইয়াক লৈ দুটা পক্ষৰ মাজত সৃষ্টি হোৱা বাদানুবাদৰ মাজতে ঘটনা স্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে (Illegal encroachment at Silsako beel)। আনহাতে, এই প্ৰতিবাদৰ মাজতে মিনু শইকীয়া নামৰ এগৰাকী উচ্ছেদিত মহিলাই চলন্ত JCB আগত পৰি আত্মহননৰ চেষ্টা চলায় ৷ অৱশ্যে উক্ত স্থানত উপস্থিত লোক আৰু আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰে মিনু শইকীয়াৰ জীৱন ৷

পৰৱৰ্তী সময়ত উক্ত স্থানত জি এম ডি এৰ লোক উপস্থিত হৈ শিল সাঁকোত 2008 চনৰ আগৰ পৰা থকা লোকসকলক চৰকাৰৰ দ্বাৰা পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে ৷ জি এম ডি এৰ লোকৰ এই আশ্বাসত অন্ত পৰে প্ৰতিবাদী কাৰ্যসূচী ৷

লগতে পঢ়ক : GMC Drive to Buildings : এইবাৰ অট্টালিকাৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.