ETV Bharat / state

মহানগৰীৰ শিল সাঁকো বিলত পৰিল প্ৰশাসনৰ হাঁতোৰা - মহানগৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

মহানগৰীৰ চচলস্থিত শিল সাঁকো বিলত শুকুৰবাৰে পুৱাই পৰিল প্ৰশাসনৰ হাঁতোৰা ৷ শিল সাঁকো বিলত থকা প্ৰায় ৫০ টা পৰিয়ালৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলড’জাৰ (Eviction drive at Silsako bill)৷ এই লৈ পুৱাই অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

Eviction drive at Silsako bill
মহানগৰীৰ শিল সাঁকো বিলত পৰিল প্ৰশাসনৰ হাঁতোৰা
author img

By

Published : May 13, 2022, 5:39 PM IST

গুৱাহাটী, ১৩ মে’ : প্ৰতিকূল বতৰকো নেওচি শুক্ৰবাৰে পুৱাই মহানগৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । মহানগৰীৰ চচলস্থিত শিল সাঁকো বিলত প্ৰশাসনৰ এস্কেভেটৰৰ সহায়ত চলিল এই উচ্ছেদ অভিযান (Eviction drive at Silsako bill) । শিল সাঁকো বিলত থকা প্ৰায় ৫০ টা পৰিয়ালৰ বাসগৃহৰ লগতে উচ্ছেদিত ঠাইত থকা মন্দিৰ আদিতো পৰিল প্ৰশাসনৰ এস্কেভেটৰৰ হাঁতোৰা ।

পুৱাই আৰক্ষী অৰ্ধ সামৰিক বাহিনীকে আদি কৰি প্ৰশাসনৰ বৃহৎ এটি দলে প্ৰায় ১২ খনকৈ জে.চি.বি, এস্কেভেটৰৰ সহায়ত শিল সাঁকো বিলৰ প্ৰায় ১০০ মিটাৰ ব্যাসাৰ্ধত চলাই এই উচ্ছেদ অভিযান । ইফালে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ লগে লগে উচ্ছেদিত পৰিয়াল আৰু আৰক্ষী প্ৰশাসনৰ মাজত সৃষ্টি হয় এক খণ্ড যুদ্ধ ।

শিল সাঁকো বিলত পৰিল প্ৰশাসনৰ উচ্ছেদ অভিযান

কিয়নো উচ্ছেদিত পৰিয়ালৰ অভিযোগ অনুসৰি কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ এনেদৰে প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান । কিন্তু ইয়াৰ বিপৰীতে প্ৰশাসনৰ ভাষ্য অনুসৰি, প্ৰশাসনে আগতীয়াকৈ এইসকল পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল ।

Eviction drive at Silsako bill
মহানগৰীৰ শিল সাঁকো বিলত পৰিল প্ৰশাসনৰ হাঁতোৰা

প্ৰশাসনৰ মতে, পূৰ্বতেও এই ঠাইত উচ্ছেদ চলিছিল ৷ কিন্তু উচ্ছেদ কৰাৰ পাচতেই পুনৰ একাংশ লোকে এনেদৰে অবৈধভাৱে বেদখল কৰি আহিছে । ফলত পুনৰ শুকুৰবাৰে উচ্ছেদ অভিযান আৰম্ভ কৰে প্ৰশাসনে ।

লগতে পঢ়ক : বিমান বন্দৰৰ পাতিবলৈ কাছাৰৰ ডলু চাহ বাগিছাত প্ৰশাসনে চলালে উচ্ছেদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.