ETV Bharat / state

ৰঙাটাপু ১৯৮২ ৰ সন্দৰ্ভত কি ক’লে পৰিচালক আদিত্যম শইকীয়াই

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 4:53 PM IST

Updated : Nov 30, 2023, 7:50 PM IST

Rongatapu 1982 Movie: মৰম, ৰফিজা, ৰূপালী আৰু মালা এই চাৰিগৰাকী নাৰীৰ ধৈৰ্য, সহ্য আৰু জীৱন সংগ্ৰামৰ কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে নতুন অসমীয়া ছবি' ৰঙাটাপু ১৯৮২' । বৰ্তমান ৰাজ্যৰ প্ৰায় ৫০ টা ছবিগৃহত চলি আছে ছবিখন ।

ETV Bharat Special interview with Rongatapu 1982 director Adityam Saikia
ৰঙাটাপু ১৯৮২ পৰিচালক আদিত্যম শইকীয়া

ৰঙাটাপু ১৯৮২ পৰিচালক আদিত্যম শইকীয়া

গুৱাহাটী, 30 নৱেম্বৰ: বুৰঞ্জীৰ বুকুৰ এটা কাহিনী 'ৰঙাটাপু ১৯৮২' । চাৰিগৰাকী নাৰীৰ জীৱনৰ কৰুণ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । মৰম, ৰফিজা, ৰূপালী আৰু মালা এই চাৰিগৰাকী নাৰীৰ ধৈৰ্য, সহ্য আৰু জীৱন সংগ্ৰামৰ কাহিনীক আধাৰ হিচাপে লৈ 'ৰঙাটাপু ১৯৮২' ছবিখন নিৰ্মাণ কৰা হৈছে ।

অসমৰ প্ৰতিটো ছবিগৃহতে এতিয়া সগৌৰৱে চলি আছে ছবিখন । ছবিখন মুক্তি লাভৰ দিনাৰে পৰাই দৰ্শকৰ মাজত বিশেষভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । বিআৰচি চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা "ৰঙাটাপু ১৯৮২" ছবিখন পৰিচালনা কৰিছে আদিত্যম শইকীয়াই । আনহাতে ছবিখনৰ প্ৰযোজনা কৰিছে অৰুণ কুমাৰ ৰয় আৰু অজয় কুমাৰ ৰয়ে ।

শেহতীয়াকৈ পৰিচালক আদিত্যম শইকীয়াইৰ সৈতে ই টি ভাৰতৰ হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ছবিখনৰ নিৰ্মাণৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, ‘‘এখন ছবি নিৰ্মাণ কৰাৰ সপোন মোৰ শৈশৱৰ পৰাই আছিল । ছবি এখন নিৰ্মাণৰ বাবে যিখিনি পৰিকল্পনা থাকে বা যি খিনি শিকিব লাগে সেইখনি চলি আছিল । অৱশেষত বিভিন্নজনৰ সহায়ৰ মাজেৰে ছবিখন নিৰ্মাণ কৰা হ’ল ।’’

ছবিখন নিৰ্মাণ কৰাৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ সন্দৰ্ভত মন্তব্য কৰি আদিত্যম শইকীয়াই কয়, ‘‘প্ৰথমতে ৮০ দশকলৈ উভতি যোৱাটোৱেই এটা ডাঙৰ প্ৰত্যাহ্বান । যথেষ্ট অধ্যয়নৰ প্ৰয়োজন হৈছিল । ৮০ দশকৰ গাঁও এখনৰ পৰা আৰম্ভ কৰি মানুহৰ জীৱনশৈলীলৈ সকলো ক্ষেত্ৰতে বৰ্তমান যথেষ্ট পৰিবৰ্তন আহিছে । এই সকলোবোৰৰ ক্ষেত্ৰত যথেষ্ট বাধা আহিছিল । শ্বুটিঙৰ বাবে পকা ৰাস্তাত মাটি পেলাই কেঁচা ৰাস্তা বনাবলগীয়াও হৈছিল । ’’

উল্লেখ্য যে, যি সকল ৮০ দশকৰ লোক তেওঁলোকে তেওঁলোকৰ শৈশৱ ছবিখনত দেখিবলৈ পাইছে বা যিসকলে ৮০ দশকৰ নহয় তেওঁলোকে ৮০ ৰ দশকৰ গাঁৱৰ পৰিৱেশ, জীৱনশৈলী সকলোবোৰ ছবিখনত দেখিবলৈ পাইছে । বৰ্তমান ৰাজ্যৰ প্ৰায় ৫০ টা ছবিগৃহত চলি আছে ছবিখন । ছবিখনৰ পৰা দৰ্শকৰ সঁহাৰি দেখি বৃদ্ধি কৰা হৈছে দর্শনীৰ সংখ্যাও । ছবিখনক ৰাইজে আকোৱালি লোৱাৰ বাবে উৎফুল্লিত পৰিচালক আদিত্যম শইকীয়া ।

লগতে পঢ়ক: এতিয়ালৈকে কিমান উপাৰ্জন কৰিলে ৰঙাটাপু-১৯৮২ ছবিখনে ?

Last Updated : Nov 30, 2023, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.