গুৱাহাটী, 8 জুন: বিগত কিছুদিন পূৰ্বে ইটিভি ভাৰতত প্ৰকাশ পাইছিল বিপদজনক অৱস্থাত থকা মহানগৰীস্থিত জালুকবাৰীৰ উৰণীয়া সেঁতুৰ বাতৰি । সেঁতুখনৰ এটা অংশ ইতিমধ্যে উপক্ৰম হৈছিল ভাঙি যোৱাৰ ৷ এই সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পিছতহে চকু খোল খাইছে বিভাগীয় কৰ্তৃপক্ষৰ । সেয়ে ভাঙি যোৱা অংশ সংশ্লিষ্ট বিষয়ববীয়াক পৰিদৰ্শন কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷ সেই নিৰ্দেশ অনুসৰি সোমবাৰে এটা দল আহি উপস্থিত হৈছে জালুকবাৰীত । উল্লেখ্য যে,তিনিবছৰ পূৰ্বে গেমনে নিৰ্মাণ উক্ত উৰণীয়া সেঁতু । গেমনৰ নিম্নমানৰ কামৰ বাবে এনেদৰে খুব কম দিনৰ ভাঙি যোৱাৰ উপক্ৰম হৈছে জালুকবাৰীৰ উৰণীয়া সেঁতু ।
লগতে চাওকঃ ভূটানত পঞ্জীকৃত গাড়ীৰে অসমত চলে অবৈধ কাঠৰ চোৰাং বেহা