ETV Bharat / state

ক'ত আৰু কিমান টকাত পোৱা যায় ড্ৰাগছ ? ETV Bharatৰ ষ্টিং অপাৰেশ্বন - আৰক্ষী আয়ুক্ত দীপক কুমাৰ

ৰাজ্যত অবাধ হাৰত বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । কেৱল কিশোৰেই নহয়, কিশোৰীও আসক্ত মাৰাত্মক ড্ৰাগছৰ কৱলত ৷ ETV Bharatৰ কেমেৰাত বন্দী Exclusive দৃশ্য ৷

ড্ৰাগছক লৈ ETVৰ ষ্টিং অপাৰেশ্বন
author img

By

Published : Oct 12, 2019, 7:52 PM IST

Updated : Oct 12, 2019, 8:22 PM IST

গুৱাহাটী, 12 অক্টোবৰঃ ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা ৷ ড্ৰাগছৰ চোৰাং ৰমৰমীয়া বেহাই এফালৰ পৰা গ্ৰাস কৰি গৈছে ৰাজ্যৰ যুৱ-প্ৰজন্মক ৷ কেৱল কিশোৰেই নহয়, কিশোৰীও আসক্ত ড্ৰাগছৰ মাৰাত্মক নিচাত ৷

অধিক পঢ়কঃ ৰঙাপাৰাত নৃশংস হত্যাকাণ্ডঃ ঘৰৰ ভিতৰতে হানি-খুচি হত্যা শাহু-বোৱাৰীক

ৰাজ্যৰ আন প্ৰান্তত নহয়, খোদ মহানগৰীতে ETV Bharatৰ সাংবাদিক হিৰুল হকৰ কেমেৰাত বন্দী যুৱ-প্ৰজন্ম ধ্বংসৰ মাৰাত্মক প্ৰতিচ্ছবি ৷ মহানগৰীৰ অলিয়ে-গলিয়ে এতিয়া ঘাটি পাতিছে ড্ৰাগছ ব্যৱসায়ীয়ে ৷ তাৰেই প্ৰমাণ আমাৰ এই প্ৰতিবেদন ৷

মহানগৰীৰ পাণ্ডু-মালিগাঁও, কামাখ্যা গেট, ভূটনাথ আদি অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ মুকলি বেহা । যাৰ ফলত অঞ্চলটোত সঘনাই হৈ আছে চুৰি-ডকাইতিৰ দৰে ঘটনা । কিন্তু ইমানৰ পাছতো শিক্ষা লোৱা নাই মহানগৰ আৰক্ষীয়ে ।

ড্ৰাগছক লৈ ETVৰ ষ্টিং অপাৰেশ্বন

অধিক পঢ়কঃ শংকৰ চাহ বাগিছাৰ অপহৰণ কাণ্ডৰ আঁৰত আলফা স্বাধীন

ইতিমধ্যে আৰক্ষী আয়ুক্ত দীপক কুমাৰে ড্ৰাগছ ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰিছে যদিও বাস্তৱত সেয়া ফলপ্ৰসূ হোৱা নাই । অপৰাধ অনুসন্ধান শাখা আৰু আৰক্ষীয়ে মাজে সময়ে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে যদিও দুই এদিনতে পুনৰ আৰম্ভ হয় ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ কেৱল মহানগৰীয়ে নহয়, সমগ্ৰ ৰাজ্যতেই এতিয়া সুলভ মাৰাত্মক ড্ৰাগছ ৷

Intro:ৰাজ্যত অবাধ হাৰত বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। এতিয়া মহানগৰীৰ অলিয়ে গলিয়ে ঘাটি পাতিছে ড্ৰাগছ ব্যৱসায়ীয়ে। মহানগৰীৰ পাণ্ডু-মালিগাঁও, কামাখ্যা গেট, ভূটনাথ আদি অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে এই বেহা। যাৰ ফলত সঘনাই হৈ আছে চুৰি-ডকাইতিৰ দৰে ঘটনা। কিন্তু ইমানৰ পাছতো শিক্ষা লোৱা নাই জালুকবাৰী আৰক্ষীয়ে। চাওঁক কিদৰে কিশোৰ-কিশোৰীয়ে সেৱন কৰিছে মাৰাত্মক ড্ৰাগছ। ইটিভি ভাৰত Exclusive। গুৱাহাটীৰ কামাখ্যা গেটৰ দৃশ্য এয়া। মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ড্ৰাগছ ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰে যদিও সেয়া বাস্তৱত ফলপ্ৰসূ হোৱা দেখা যোৱা নাই। এই ড্ৰাগছৰ বাবেই যুৱপ্ৰজন্ম এতিয়া ধ্বংসৰ পিনে গতি কৰিছে। অপৰাধ অনুসন্ধান শাখা আৰু আৰক্ষীয়ে মাজে সময়ে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে যদিও দুই এদিনতে পুণৰ সেই ব্যৱসায়ীয়ে আৰম্ভ কৰে ড্ৰাগছৰ বেহা। প্ৰশ্ন হয় কিয় যুৱপ্ৰজন্মক ধ্বংস কৰা ড্ৰাগছ বন্ধ কৰাত ব্যৰ্থ আৰক্ষী।Body:Hirul Haque Conclusion:Guwahati
Last Updated : Oct 12, 2019, 8:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.