ETV Bharat / state

Diwali 2022 in Assam: প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ দীপাৱলীৰ সম্পৰ্কত দিয়া নিৰ্দেশনা বিভ্ৰান্তিৰ আখ্যা ইলোৰা বিজ্ঞান মঞ্চৰ

author img

By

Published : Oct 20, 2022, 9:01 PM IST

সমাগত দীপাৱলী (Diwali 2022) ৷ অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে আগন্তুক দীপাৱলীৰ সময়ত বায়ু আৰু শব্দ প্ৰদূষণ ৰোধ কৰাৰ বাবে কিছুমান পদক্ষেপ গ্ৰহণ কৰাত ইলোৰা বিজ্ঞান মঞ্চই আদৰণি জনাইছে । কিন্তু একে সময়তে মঞ্চই লক্ষ্য কৰিছে যে বোৰ্ডে জিলা উপায়ুক্ত সকললৈ প্ৰেৰণ কৰা শেহতীয়া নিৰ্দেশ তথা জাননী আসোঁৱাহমুক্ত নহয়, বৰং ই বিভ্ৰান্তিৰহে সৃষ্টি কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়া ইছফাকুৰ ৰহমানে ।

Elora Science Forum called Pollution Control Boards Diwali directive confusing
প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ দীপাৱলীৰ সম্পৰ্কত দিয়া নিৰ্দেশনা বিভ্ৰান্তিৰ আখ্যা ইলোৰা বিজ্ঞান মঞ্চৰ

গুৱাহাটী, 19 অক্টোবৰ: সমাগত দীপাৱলী (Diwali 2022) ৷ অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে আগন্তুক দীপাৱলীৰ সময়ত বায়ু আৰু শব্দ প্ৰদূষণ ৰোধ কৰাৰ বাবে কিছুমান পদক্ষেপ গ্ৰহণ কৰাত ইলোৰা বিজ্ঞান মঞ্চই আদৰণি জনাইছে । কিন্তু একে সময়তে মঞ্চই লক্ষ্য কৰিছে যে বোৰ্ডে জিলা উপায়ুক্ত সকললৈ প্ৰেৰণ কৰা শেহতীয়া নিৰ্দেশ তথা জাননী আসোঁৱাহমুক্ত নহয়, বৰং ই বিভ্ৰান্তিৰহে সৃষ্টি কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়া ইছফাকুৰ ৰহমানে ।

তেও কয় যে বোৰ্ডে শব্দ প্ৰদূষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ২০০৫ চনৰ ৰায়ৰ ভিত্তিত দেৱালীৰ নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ উচ্চ প্ৰাবল্যৰ ফটকা ফুটোৱাত প্ৰতিবন্ধকতা আৰোপ কৰিছে । কিন্তু ২০০৫ চনৰ পৰৱৰ্তী সময়ছোৱাত উচ্চতম ন্যায়ালয়ে শব্দ আৰু বায়ু প্ৰদূষণ সন্দৰ্ভত নতুনকৈ কেইবাটাও ৰায় প্ৰদান কৰে । বিশেষকৈ অৰ্জুন গোপাল বনাম ভাৰত চৰকাৰ গোচৰত ২০১৮ চনৰ ২৩ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ ৰায় বৰ্তমানলৈ প্ৰযোজ্য হৈ আছে ।

তেওঁ লগতে কয় যে উক্ত ৰায়ৰ জৰিয়তে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে দীপাৱলীৰ নিশা ৮ বজাৰ পৰা ১০ বজালৈ কেৱল দুঘণ্টাৰ বাবেহে সেউজ ফটকা ফুটোৱা আৰু আতচ-বাজীৰ অনুমতি প্ৰদান কৰে । ২০১৮ চনৰ পৰৱৰ্তী সময়তো উচ্চতম ন্যায়ালয়ে এই সংক্ৰান্তত বিভিন্ন ৰায় তথা নিৰ্দেশ জাৰি কৰিছে যদিও ৮-১০ বজাৰ সময়সীমা আৰু সেউজ ফটকা সন্দৰ্ভত ২০১৮ ৰ অক্টোবৰৰ নিৰ্দেশ বাহাল ৰাখিছে ।

উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় গ্ৰীণ ট্ৰিবিউনেলৰ নিৰ্দেশৰ ভিত্তিত ইতিমধ্যে দিল্লী,পঞ্জাব, হাৰিয়ানা, পশ্চিমবংগ, তামিলনাডু প্ৰভৃতি দেশৰ প্ৰায়বোৰ ৰাজ্যত আতচ-বাজী নিষিদ্ধ অথবা দুঘণ্টাৰ বাবেহে সেউজ ফটকা ফুটোৱাৰ অনুমতি প্ৰদান কৰা হৈছে । ইয়াৰ বিপৰীতে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি ফটকা-বাজীৰ সময়সীমা যথেষ্ট শিথিল কৰি দিয়াত ইলোৰা বিজ্ঞান মঞ্চই উদ্বেগ প্ৰকাশ কৰিছে ।

মঞ্চই জনস্বাৰ্থ তথা জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বোচ্চ আদালতৰ শেহতীয়া ৰায়ৰ ভিত্তিত বোৰ্ডৰ জাননীখনৰ প্ৰয়োজনীয় সংশোধনী ঘটাবলৈ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ প্ৰতি আহ্বান জনাইছে বুলি তেও কয়। তেও জনায় যে ইতিমধ্যে পোহৰৰ উৎসৱ 'দ্বীপান্বিতা'ৰ সময়ত আতচ-বাজীয়ে সৃষ্টি কৰা শব্দ আৰু বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চ, জ্ঞান বিজ্ঞান সমিতি-অসম, চি আৰ ইউ (উত্তৰ পূৰ্বাঞ্চল), আৰণ্যক, পৰিৱেশ সুৰক্ষা সমিতি, সুস্থ সমাজ বিকাশ চক্ৰকে ধৰি কেইবাটাও বিজ্ঞান আৰু পৰিৱেশ সংক্ৰান্ত সংগঠনে জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে ।

এই সন্দৰ্ভত সংগঠনসমূহে 'দীপাৱলী হওক কেৱল পোহৰৰ উৎসৱ' শিৰোনামাৰে ৰাজ্যৰ বিভিন্ন ঠাইত যৌথভাৱে প্ৰচাৰ-পত্ৰ প্ৰকাশ তথা বিতৰণ, ৰাজপথত সভা আদি অনুষ্ঠিত কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্যোগ হাতত লৈছে । সংগঠনসমূহে উৎসৱৰ আনন্দ-উল্লাসৰ মাজত জুই-বাৰুদৰ খেলা, ফটকা আদিৰ পৰা সংঘটিত হ'ব পৰা দুৰ্ঘটনাৰ বাবে সাৱধানতা অৱলম্বন কৰাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে ।

আতচ-বাজীয়ে সৃষ্টি কৰা বায়ু আৰু শব্দ প্ৰদূষণ সম্পূৰ্ণ পৰিহাৰ কৰাৰ বাবে সংগঠনকেইটাৰ পক্ষৰ পৰা আহ্বান জনোৱা হৈছে । সংগঠনকেইটাৰ যৌথ বিবৃতি উল্লেখ কৰি তেও জনায় যে মহামান্য উচ্চতম ন্যায়ালয়েও এই বিষয়ত হস্তক্ষেপ কৰিব লগা হৈছে আৰু দীপাৱলীৰ প্ৰদূষণ সংক্ৰান্তত যথেষ্ট প্ৰতিবন্ধকতা আৰোপ আৰু নিৰ্দেশনা জাৰি কৰিছে ।

ন্যায়ালয়ে ২০১৮ চনৰ ২৩ অক্টোবৰত ঘোষণা কৰা এটা ৰায়ৰ জৰিয়তে 'সেউজীয়া ফটকা'ৰ বাহিৰে বেৰিয়াম, লিথিয়াম, আৰ্চেনিক, সীহ, পাৰা আদি বিষাক্ত ৰাসায়নিক পদাৰ্থ মিশ্ৰিত ফটকা ব্যৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰে । উৎসৱৰ নামত আনন্দ-উল্লাস কৰি সংবিধানৰ ২১ অনুচ্ছেদত সন্নিৱিষ্ট জনসাধাৰণৰ স্বাস্থ্যৰ মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰিব বুলি ন্যায়ালয়ে সংশ্লিষ্ট সকলো পক্ষকে সোঁৱৰাই দিছে ।

উচ্চতম ন্যায়ালয়ে ২০১৮ চনৰ ৰায়টোত নিশা ৮ বজাৰ পৰা ১০ বজালৈ মাত্ৰ দুঘন্টাৰ বাবেহে সেউজ ফটকাৰ অনুমতি প্ৰদান কৰে । আদালতৰ নিৰ্দেশ অমান্য কৰিলে সংশ্লিষ্ট ৰাজ্য চৰকাৰ, ৰাজ্যৰ মুখ্যসচিব আৰু গৃহ সচিব, আৰক্ষী আয়ুক্ত, সংশ্লিষ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল প্ৰত্যক্ষভাৱে জগৰীয়া হ'ব বুলিও উল্লেখ কৰা হৈছে ।

সংগঠনসমূহে প্ৰকাশ কৰা যৌথ বিবৃতিটোত লগতে উল্লেখ কৰা হয়, ভাৰত চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে বায়ুমণ্ডলত ১৫ বিধ ক্ষতিকাৰক আৰু বিষাক্ত উপাদানৰ উপস্থিতিৰ কথা কৈছে৷ আতচ-বাজীৰ ফলত বায়ুমণ্ডলত এনে উপাদানৰ পৰিমাণ বহুগুণ বাঢ়ি যায় । চালৰ বেমাৰ, চকুৰ পোৰণিৰ বাহিৰেও এই বিষাক্ত উপাদানসমূহৰ বাবে কাহ, হাঁই-ফাই (এজমা), শ্বাসনলী প্ৰদাহজনিত ৰোগ (ব্ৰংকাইটিচ), হাঁও-ফাঁওৰ ৰোগ, আনকি স্নায়বিক বিকাৰ আৰু বোধশক্তিৰ বিলোপ আদিত মানুহ আক্ৰান্ত হ'ব পাৰে ৷

আটাইতকৈ বেছি আক্ৰান্ত হয় কণ কণ শিশুসকল । দীপাৱলীৰ নিশা কাণ তাল মৰা বিকট শব্দৰ প্ৰভাৱত বহুতৰ শ্ৰৱণ শক্তি হ্ৰাস পাব বা একেবাৰে নোহোৱা হ'ব পাৰে৷ দুৰ্ঘটনাজনিত কাৰণত বহুতে চকু-মুখত গুৰুতৰ আঘাত পায় বা দৃষ্টিশক্তি হেৰুৱায় । বায়ু প্ৰদূষণ আৰু শব্দৰ তীব্ৰতাৰ হেতু হৃদৰোগত আক্ৰান্তসকলৰ বাবে গুৰুতৰ বিপদৰ আশংকা থাকে । বায়ু আৰু শব্দ প্ৰদূষণে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ যোৱাৰ আশংকাও বৃদ্ধি পায় ।

পশু-পক্ষীৰ ওপৰতো আতচ-বাজীৰ প্ৰভাৱ খুবেই ভয়ংকৰ । এইবেলিৰ দীপাৱলীতো দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে ফটকা আদিৰ বিক্ৰী তথা আতচ-বাজী সম্পূৰ্ণ নিষিদ্ধ অথবা নিয়ন্ত্ৰিত কৰিছে । অসম চৰকাৰ তথা ৰাজ্য প্ৰশাসনেও অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সংগঠনসমূহে সংশ্লিষ্ট পক্ষসমূহৰ প্ৰতি আহ্বান জনাইছে ।

লগতে পঢ়ক: Diwali 2022: দীপাৱলীৰ বাবে প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.