গুৱাহাটী, 11 ডিচেম্বৰ: মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰৰ পানবাৰীৰ কুৰকুৰীয়াত মৃত্যু এটা বন্যহস্তীৰ ৷ উজনিমুৱা দ্ৰুতবেগী ৰে'লৰ খুন্দাত মৃত্যমুখত পৰে হাতীটো ৷ ঘটনা সম্পৰ্কে অৱগত হোৱাৰ পাচতে সেই স্থানত গৈ উপস্থিত হয় বন বিভাগৰ লোক ৷
নিশা প্ৰায় 3.30 বজাত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, সেই স্থানত দ্ৰুতবেগী ৰে'লৰ বাবে প্ৰায়েই এনে ধৰণৰ কৰুণ ঘটনা সংঘটিত হৈ থাকে বুলি জানিবলৈ দিয়ে ৰাইজে ৷ বন বিভাগেও এনে ক্ষেত্ৰত বহু ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কাৰ্যকৰী ফল পোৱা নাই ৷
লগতে পঢ়ক: ৰাজস্থানৰ জে.কে. লোন হাস্পতালত 24 ঘন্টাত 9 শিশুৰ মৃত্যু