গুৱাহাটী, ৯ ছেপ্টেম্বৰ : শুক্ৰবাৰে সন্ধিয়া কইনাধৰাত অনুষ্ঠিত কৰা হয় ৰাজ্যিক কেবিনেটৰ বৈঠক । এই কেবিনেট বৈঠকৰ অন্তত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰী কৰে । তেওঁ কয় যে এই কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ঘৰুৱা উপভোক্তাৰ বিদ্যুৎ মাচুল বৃদ্ধি নহয় । কিন্তু উদ্যোগ আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ বিদ্যুৎ মাচুল বৃদ্ধি হ'ব পাৰে । আজি অৰ্থাৎ শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত শক্তিমন্ত্ৰী সাক্ষাৎ কৰি অসমৰ বাবে ৩০০ মেগাবাট বিদ্যুৎ ৰেহাই মূল্যত যোগান ধৰাৰ অনুৰোধ জনাব ।
ইপিনে অহা ১৭ ছেপ্টেম্বৰৰ পৰা হোজাই, তামুলপুৰ, বিশ্বনাথ জিলাৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । আকৌ বিবাদৰ বাবে বজালী জিলাৰ কাম পিচলৈ কৰা হ'ব । বৰপেটা সত্ৰক বজালী জিলা গঠনৰ বিবাদ নিষ্পত্তিৰ দায়িত্ব দিয়া হৈছে । আকৌ অসমত ৭৯ খন উপ জিলা গঠন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।
ইপিনে অসমৰ পৰা সম্পূৰ্ণভাৱে AFSPA আৰু Distrub area act আঁতৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আনহাতে, পঞ্চায়তৰাজ আইন সংশোধন কৰা হ’ব বুলিও তেওঁ কয় ।
তেওঁ কয়, ‘‘ৰাজনৈতিক দলে এতিয়াৰ পৰা জিলা পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তত নিৰ্বাচন খেলিব পাৰিব ৷ গাঁও পঞ্চায়তৰ নিৰ্বাচন সম্পূৰ্ণ অ-ৰাজনৈতিক হ’ব ৷ লগতে অ-ৰাজনৈতিক ভাবেই গাঁও পঞ্চায়তৰ সভাপতিজনক নিৰ্বাচন কৰা হ’ব’’ ৷