ETV Bharat / state

প্ৰথমে নিৰ্বাচন,তাৰ পাচতহে সমষ্টি পুণৰনিৰ্দ্ধাৰণ - election without delimitation

২০২১ ৰ বিধানসভা নিৰ্বাচন নতুনকৈ সমষ্টি পুনৰনিৰ্দ্ধাৰণ কৰাৰ পাচত অনুষ্ঠিত হোৱাৰ চৰ্চা চলি থকাৰ সময়তে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে প্ৰথমে নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব তাৰ পাচতহে সমষ্টি পুণৰনিৰ্দ্ধাৰণৰ কাম আগবঢ়াব ৷

election without delimitation
প্ৰথমে নিৰ্বাচন, তাৰ পাচতহে সমষ্টি পুণৰনিৰ্দ্ধাৰণ
author img

By

Published : Jan 8, 2021, 4:08 PM IST

গুৱাহাটী,৮ জানুৱাৰী: ৰাজ্যৰ ৰাজনৈতিক মহলত এক চৰ্চাৰ বিষয় আছিল যে ২০২১ৰ বিধানসভা নিৰ্বাচন নতুনকৈ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰাৰ পাচত অনুষ্ঠিত হ'ব নেকি ? তাৰ পাচতে শাসকীয় বিজেপি দলে যৎপৰোনাস্তি চেষ্টাও চলাইছিল যাতে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পাচতহে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হয় । সেইমৰ্মে বিগত তিনি মাহৰ আগলৈকে দেশৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ আয়োগে যথেষ্ট কুচকাৱাজো আৰম্ভ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে ২০২১ৰ বিধানসভা নিৰ্বাচন পূৰ্বৰ সমষ্টিৰ আধাৰতে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে দেশৰ নিৰ্বাচন আয়োগে ।

election without delimitation
প্ৰথমে নিৰ্বাচন, তাৰ পাচতহে সমষ্টি পুণৰনিৰ্দ্ধাৰণ

ইতিমধ্যে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ আয়োগে অসমৰ একাংশ সাংসদ আৰু বিধায়কক সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সমিতিৰ সদস্য হিচাপেও অন্তৰ্ভুক্ত কৰিছিল । সেই সমিতিৰে এক কৰ্তৃত্বশীল সুত্ৰই শুকুৰবাৰে ই টিভি ভাৰতৰ আগত নিশ্চিত কৰিছে যে ২০২১ ৰ বিধানসভা নিৰ্বাচন অসমত পুৰণি সমষ্টি মতেই হ'ব । নিৰ্বাচনৰ পিছতহে আহিব সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ কথা । পূৰ্বৰ জনগাঠনি অনুসৰিয়ে এতিয়া নতুনকৈ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ বিৰোধিতা কৰি আহিছিল বিভিন্ন দল-সংগঠনে । তৎস্বত্বেও কিন্তু নিৰ্বাচনৰ পূৰ্বে সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্দ্ধাৰণ হোৱাটো বিচাৰিছিল শাসকীয় বিজেপি দলে ।

লগতে পঢ়ক: মাওবাদীৰে জড়িত থকাৰ বাবেহে কাৰাবন্দী হৈছে অখিল : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.