গুৱাহাটী,২০ মাৰ্চ: ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ এটা সপ্তাহ বাকী । ইতিমধ্যে নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । এনে সময়তে নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'বলৈ সোমবাৰে অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ শীৰ্ষস্তৰীয় এটা প্ৰতিনিধি দল ।
২২ মাৰ্চত গুৱাহাটীত আহি উপস্থিত হ'বলগীয়া এই দলটোত থাকিব নিৰ্বাচন আয়োগৰ সচিব প্ৰধান উমেশ সিনহা, সঞ্চালক প্ৰধান ধৰ্মেন্দ্ৰ শৰ্মা, পি আই বিৰ অতিৰিক্ত সঞ্চালক তথা নিৰ্বাচন আয়োগৰ মুখপাত্ৰ শেফালী বি চৰণকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া । গুৱাহাটীত উপস্থিত হোৱাৰ পিছত সেইদিনাই দলটো ৰাওনা হ'ব তেজপুৰ অভিমুখে ।
তেজপুৰত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'বলগীয়া জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব আয়োগৰ দলটো । এই সভাখনতে অসমৰ বাবে ইতিমধ্যে নিযুক্তি দিয়া বিশেষ, সাধাৰণ, আৰক্ষী আৰু ব্যয় পৰ্যবেক্ষকসকল উপস্থিত থাকিব ।
তেজপুৰত এই বৈঠক সামৰি দলটো উভতি আহিব গুৱাহাটীলৈ আৰু গুৱাহাটীত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেৰ সৈতে এখন বৈঠকত মিলিত হ'ব ।
লগতে পঢ়ক: তিনিচুকীয়া সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুভাশীষ ভট্টাচাৰ্যৰে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ