ETV Bharat / state

Constituency Delimitation 2023: শুনানি গ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত নিৰ্বাচন আয়োগৰ দল - Constituency Delimitation draft

বুধবাৰে গুৱাহাটীত উপস্থিত হ’ল নিৰ্বাচন আয়োগৰ দল ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত উপস্থিত দলটো ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত আজিৰ পৰা গ্ৰহণ কৰিব শুনানি ৷

Etv Bharat
Etv Bharat
author img

By

Published : Jul 19, 2023, 3:37 PM IST

গুৱাহাটীত উপস্থিত নিৰ্বাচন আয়োগৰ দল

গুৱাহাটী,১৯ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ বুধবাৰে গুৱাহাটীত উপস্থিত হৈছে নিৰ্বাচন আয়োগৰ এটা পূৰ্ণ পৰ্যায়ৰ দল । বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত দুপৰীয়া ১ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত উপস্থিত হয় নিৰ্বাচন আয়োগৰ দলটো । কটকটীয়া নিৰপত্তা বেষ্টনীৰ মাজত দলটোক কলাক্ষেত্রলৈ অনা হয় । ইফালে কলাক্ষেত্রতো ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

উল্লেখ্য যে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত অহা পূৰ্ণাংগ নির্বাচন আয়োগৰ দলটোৱে বুধবাৰে দুপৰীয়া 2 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা আৰু ডিমা হাচাওৰ প্ৰতিনিধিৰে আলোচনাত বহে। আনহাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহৰ ৩ নং হলত কামৰূপৰ প্ৰতিনিধিৰে আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্রেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰৰ প্রতিনিধিৰে বৈঠকত বহাৰ ব্যৱস্থা কৰা হৈছে।

তিনিদিনীয়া কাৰ্যসূচীৰে অহা নিৰ্বাচন আয়োগৰ দলটোৱে ২০ জুলাইত পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জৰ প্ৰতিনিধিৰে, ৩ নং হলত দৰং, হাইলাকান্দি, কাছাৰ আৰু দক্ষিণ শালমাৰাৰ প্রতিনিধিৰে বৈঠকত বহিব। শ্রীশ্রী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ ক্ষেত্রত দলটোৱে শুনানি গ্রহণ কৰিব।

২০ জুলাইৰ বিয়লি ৩.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ প্রতিনিধিৰ সৈতে বৰ্ণানুক্রমিকভাৱে আলোচনাত বহিব । আনহাতে ২১ জুলাইত পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাৰ প্রতিনিধি আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্রেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলীৰ প্ৰতিনিধিৰে আয়োগৰ দলটো আলোচনাত বহিব । একে সময়তে তিনিটা স্থানত শুনানি গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে।

ইতিমধ্যে শুনানিৰ বাবে ৯খন জিলাৰ আবেদন কৰা দল-সংগঠন তথা ব্যক্তি বিশেষ আহি কলাক্ষেত্রত সমবেত হৈছে । এক কথাত ক'বলৈ গ'লে কলাক্ষেত্রৰ অঞ্চলটোত নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক:Constituency Delimitation 2023: আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্রত নিৰ্বাচন আয়োগৰ শুনানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.