ETV Bharat / state

beltola murder case : কোনে হত্যা কৰিলে বৰুৱা দম্পতীক ?

author img

By

Published : Oct 26, 2021, 7:27 PM IST

মহানগৰীৰ বেলতলা চাৰ্ভেৰ চন্দন নগৰত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰুৱালে বৰুৱা দম্পতীয়ে ৷ বৰুৱা দম্পতীৰ দুই সন্তান কৰ্মসূত্ৰে বেংগালুৰু আৰু লণ্ডনৰ বাসিন্দা ৷ আৰম্ভ হৈছে আৰক্ষীৰ তদন্ত ৷

elderly-couple-murdered-in-beltola
beltola murder case : কোনে হত্যা কৰিলে বৰুৱা দম্পত্তীক ?

গুৱাহাটী , ২৬ অক্টোবৰ : গুৱাহাটী মহানগৰীৰ বেলতলাত সংঘটিত নৃশংস হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত তিনি গৰাকী লোকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ ঘটনা সন্দৰ্ভত মুখ খোলা নাই আৰক্ষীয়ে । চি আই ডি, ক্ৰাইম ব্ৰাঞ্চ, ফৰেনচিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্নীফাৰ ড’গ লগত লৈ ঘটনাৰ সূত্ৰ বিচাৰি তদন্ত চলায় ।

উল্লেখ্য যে, মহানগৰীৰ বেলতলা চাৰ্ভেৰ চন্দন নগৰৰ নিবাসী বয়োজ্যেষ্ঠ দম্পতী ননী গোপাল বৰুৱা এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তাৰ লগতে তেওঁৰ পত্নী মীনা বৰুৱা আছিল এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী । জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় ১০.৩০ মান বজাত নিশাৰ আহাৰ গ্ৰহণ কৰি টোপনি গৈছিল দুয়ো । মঙলবাৰে পুৱা শোৱাপাতিত তেজেৰে লুটুৰি-পুতুৰি হৈ পৰি থকা অৱস্থাত দুয়োৰে মৃতদেহ উদ্ধাৰ হয় । দুয়োৰে শৰীৰত চোকা অস্ত্ৰৰে মূৰত আঘাত কৰাৰ চিন স্পষ্টকৈ পৰিলক্ষিত হৈছে ।

দুৰ্বৃত্তই খিৰিকীৰে প্ৰৱেশ কৰি শোৱাপাতিতে চোকা অস্ত্ৰৰে আঘাত কৰি দুই দম্পতীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ঘৰটোৰ ভিতৰৰ সা-সামগ্ৰী সমূহ লণ্ড ভণ্ড হৈ পৰি আছে আৰু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে ভূমিৰ নথি পত্ৰ দুৰ্বৃত্তই লুটি লৈ যোৱাৰ সন্দেহ কৰা হৈছে । ফলত সমগ্ৰ ঘটনাটো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে । ইপিনে, আৰক্ষীয়ে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে জি এম চি এইচলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । উল্লেখ্য যে, বৃদ্ধ দম্পতীয়ে নিজ গৃহত অকলে বাস কৰিছিল ।

তেওঁলোকৰ দুই কণ্যা সোনালী আৰু মানসী মুম্বাই আৰু লণ্ডণত থাকে । দুয়োকে চোৱা চিতাৰ বাবে প্ৰায় ২০ বছৰ ধৰি কেয়াৰ টেকাৰ হিচাপে আছে আকাশ চৌধুৰী নামৰ লোকজন । ইতিমধ্যে, কেয়াৰ টেকাৰ আকাশ চৌধুৰী আৰু তেওঁৰ পত্নীৰ লগতে আন এজন লোকক আৰক্ষীয়ে সোধ-পোচৰ বাবে দিছপুৰ থানালৈ আনিছে ।

শেহতীয়াকৈ, আকাশ চৌধুৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৷ আকাশ চৌধুৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত চৈতন্যধৰ সিং আৰু পৰেশ চৌধুৰীকো আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰে ।ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্তই কয় যে, হত্যাকাণ্ডৰ তদন্ত চলি আছে । ফৰেনচিক টীম আৰু ফিংগাৰ প্ৰিন্ট টীমে ক্ষীপ্ৰগতিৰে তদন্ত চলাইছে । তদন্তৰ খাতিৰত হত্যাকাণ্ডৰ পৰা লাভ কৰা কোনো তথ্য সংবাদ মাধ্যমক জনোৱা নাই আৰক্ষীয়ে । অৱশ্যে, তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লে হত্যাকাৰীৰ পৰিচয় পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ৷
লগতে পঢ়ক : মহানগৰীত শোৱাপাটীতে দম্পতীক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.