ETV Bharat / state

Cotton University: কটন বিশ্ববিদ্যালয়ৰ ৭০০ টকীয়া হাজিৰাৰ শিক্ষক নিযুক্তি বিজ্ঞাপন দুৰ্ভাগ্যজনক

ৰাজ্যৰ শিক্ষা বিভাগত এতিয়াও ৫০,৪৬৫ টা পদ খালি আছে ৷ কটন বিশ্ববিদ্যালয়ত প্ৰতিটো দিনৰ বিনিময়ত ৭০০ টকাকৈ শিক্ষক নিযুক্তি দিয়াটো দুৰ্ভাগ্যজনক ৷ এইখন চৰকাৰৰ দিনত ছাত্ৰ-ছাত্ৰী অসন্তুষ্ট হৈছে বুলি অভিযোগ উত্থাপন কৰি সংবাদমেল শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চৰ ৷

Cotton University
Cotton University
author img

By

Published : Aug 4, 2023, 5:53 PM IST

শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চৰ সংবাদমেল

গুৱাহাটী, ৪ আগষ্ট: যিখন ৰাজ্যত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত উত্তৰ-পূবৰ বিলাসী বেচৰকাৰী স্কুলখন থাকে, সেই ৰাজ্যত ৰাজহুৱা শিক্ষা ব্যৱস্থাটো অধপতনে যোৱাটো নিশ্চিত ৷ এই মন্তব্য শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চৰ আহ্বায়ক সুব্ৰত তালুকদাৰৰ । গুৱাহাটী প্ৰেছক্লাৱত শুকুৰবাবে সংবাদমেল সম্বোধন কৰি সুব্ৰত তালুকদাৰে কয় যে কটন বিশ্ববিদ্যালয়ৰ শেহতীয়া ৭০০ টকীয়া শিক্ষক নিযুক্তি দিয়াটো দুৰ্ভাগ্যজনক ।

নেট-শ্লেট (NET & SLET) প্ৰাপ্ত উচ্চ শিক্ষিত যুৱক-যুৱতীক ৭০০ টকাকৈ দি মাহেকত ১৯,৬০০ টকা মাননি দি অংশকালীন প্ৰৱক্তা নিযুক্তি দিয়াটো দুৰ্ভাগ্যজনক ৷ ইউ জি চিৰ (UGC) নিয়ম অনুসৰি অংশকালীন প্ৰৱক্তাক প্ৰত্যকটো শ্ৰেণীৰ বিনিময়ত ১৫০০ টকাকৈ দি মাহেকত ৫০ হাজাৰ টকা দিয়াৰ কথা কৈছে সেই সময়তে অসম চৰকাৰ আৰু কটন বিশ্ববিদ্যালয় প্ৰশাসনে কি সিদ্ধান্ত লৈছে বুলি প্ৰশ্ন কৰে ।

সংবাদমেলত সংগঠনটোৰ আহ্বায়ক সংগীতা দাসে কয় যে চৰকাৰী হেঁচাত মাত্ৰ এমাহ সময় লৈ বিশ্ববিদ্যালয়সমূহে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত পাঠ্যক্ৰম প্ৰস্তুত কৰিবলগীয়া হৈছে । তেওঁ প্ৰশ্ন কৰি কয় যে চাৰি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ প্ৰস্তুতি মাত্ৰ এমাহত, এয়া সম্ভব জানো ?

সংগীতা দাসে লগতে কয় যে ২০২১ চনৰ কেবিনেটৰ উত্তৰ অনুসৰি শিক্ষা বিভাগত ৫০,৪৬৫ টা পদ খালি আছে । বর্তমান গুৱাহাটী বিশ্ববিদ্যালয়তেই ১০০ টাৰো অধিক পদ খালি আছে । কটন বিশ্ববিদ্যালয়ত ১৯২ টা শিক্ষকৰ পদ খালি আছে । ইমানবোৰ খালি পদেৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত প্ৰস্তুত কৰা বিয়াগোম পাঠ্যক্ৰমৰ শিক্ষা কেনেকৈ দিয়া হ'ব ?

কেৱল জাপি দিব লাগে বুলিয়েই, নাগপুৰক সন্তুষ্ট কৰিব লাগে বুলিয়েই অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতি জাপি দিয়া হ’ল বুলিও সংবাদমেলত অভিযোগ উত্থাপন কৰি আশংকা প্ৰকাশ কৰে যে ইয়াৰ সম্পূৰ্ণ কু-পৰিণাম ভোগ কৰিব লাগিব মধ্যবিত্ত, নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে ।

অসম চৰকাৰে ৰাতিপুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক শ্ৰেণী কোঠাত উপস্থিত থকাৰ নিৰ্দেশ দিছে । অথচ অসমৰ বহু মহাবিদ্যালয়ত ব্যৱহাৰযোগ্য অনাময় ব্যৱস্থা নাই, কেণ্টিনৰ ব্যৱস্থা নাই । পর্যাপ্ত যাতায়ত ব্যৱস্থা, দূৰত্ব সংক্ৰান্তীয় অসুবিধাৰ কাৰণে বহু ছাত্ৰ-ছাত্ৰীয়েও শ্ৰেণী কোঠাত পুৱা ৯ বজাত উপস্থিত হ'বলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব ।

ইয়াৰ উপৰিও ভূতৰ ওপৰত দানহ পৰাদি হোষ্টেল আৰু পেয়িং গেষ্ট ব্যৱস্থাত ১২ শতাংশ জি এছ টি লগাবলৈ চৰকাৰে সিদ্ধান্ত লৈছে । এফালে ৰাতিপুৱা ৯ বজাত পাঠদান, আনফালে হোষ্টেলত জি এছ টি । সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ কাৰণে যেন শত্ৰু হৈ পৰিছে এই চৰকাৰখন ।

সেয়েহে বিজেপি চৰকাৰৰ সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ বিৰোধী আটাইবোৰ কামক বিৰোধিতা কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষলৈ আহ্বান জনায় । সংবাদমেলত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ আহ্বায়ক ঋতুৰঞ্জন দাস, কৃষ্ণ গগৈও উপস্থিত থাকে ৷

লগতে পঢ়ক: Teacher appointment scam: শিক্ষা বিভাগৰ কেলেংকাৰীৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.