ETV Bharat / state

Constituency Delimitation: চৰকাৰৰ অধিকাংশ পৰামৰ্শ মানি আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা - শোণিতপুৰ সমষ্টি

নতুনকৈ সংযোজন হ’ল কাজিৰঙা লোকসভা সমষ্টি ৷ নাথাকিল কলিয়াবৰ সমষ্টি । মঙলদৈ লোকসভা হ’লগৈ দৰং-ওদালগুৰি ৷ তেজপুৰ হ’লগৈ শোণিতপুৰ সমষ্টি ৷ বহু ৰাজনীতিকৰ ভৱিষ্যতলৈ নামি আহিল প্ৰত্যাহ্বান ৷

Constituency Delimitation
Constituency Delimitation
author img

By

Published : Aug 11, 2023, 10:13 PM IST

গুৱাহাটী, ১১ আগষ্ট: চৰ্চা কৰাৰ দৰেই শুকুৰবাৰৰ পৰা সলনি হ’ল অসমৰ ৰাজনৈতিক মানচিত্ৰ । অৱশেষত প্ৰকাশ পালে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা ৷ ভাৰতীয় নিৰ্বাচন আয়োগে শুকুৰবাৰে আবেলি প্ৰকাশ কৰিলে ৰাজ্যখনৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ চূড়ান্ত সীমা নিৰ্ধাৰণ আদেশ প্ৰকাশ কৰে ৷

নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ হোৱাৰ পিচত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ দাবী-প্ৰতিবাদ আৰু মতামত-পৰামৰ্শৰ পিচত নিৰ্বাচন আয়োগে এই চূড়ান্ত তালিকা আজি প্ৰকাশ কৰে ৷ এক বিবৃতিযোগে আয়োগে জনায় যে 1200 তকৈ অধিক প্ৰতিনিধিৰ পৰা পোৱা পৰামৰ্শ-মতামত খচৰা চূড়ান্ত কৰাৰ পূৰ্বে বিবেচনা কৰা হৈছে ৷ আয়োগৰ দাবী, লাভ কৰা পৰামৰ্শ আৰু আপত্তিৰ ৪৫ শতাংশ সমাধান কৰা হৈছে চূড়ান্ত আদেশত ৷

চূড়ান্ত তালিকাত নিৰ্বাচন আয়োগে ১৯ টা বিধানসভা সমষ্টি আৰু ১ টা সংসদীয় সমষ্টিৰ বৰ্তমানৰ নামকৰণ সংশোধন ঘটাইছে ৷ খচৰাত দিয়া প্ৰস্তাৱৰ দৰেই অসমৰ বিধানসভাৰ আসনৰ সংখ্যা ১২৬ খন আৰু লোকসভাৰ আসন ১৪ খনেই ৰখা হৈছে ৷ এই চূড়ান্ত তালিকাত ১৯ টা বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে ৷ আনহাতে ১৪ টা লোকসভা সমষ্টিৰ ২ টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে ৷

ইফালে ৯ টা বিধানসভা সমষ্টি আৰু ১ টা লোকসভা সমষ্টিৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে ৷ নিৰ্বাচন আয়গে জাৰি কৰা আদেশ অনুসৰি মানকাচৰ সমষ্টিৰ নতুন নাম সলনি হৈ হ’ল বীৰসিং জাৰোৱা, পূৰ্বৰ দক্ষিণ শালমাৰা সমষ্টিৰ নাম হ’ল মানকাচৰ, মাণিকপুৰ সমষ্টিৰ নাম হ’ল সৃজনগ্রাম, পূৰ্বৰ ভৱানীপুৰ সমষ্টিৰ নাম হ’ল ভৱানীপুৰ-সৰভোগ, ৰূপহী সমষ্টিৰ নাম হ’ল পকাবেতবাৰী ।

আনহাতে বকো সমষ্টিৰ নতুন নাম হ’ব বকো-ছয়গাঁও । প্ৰকাশিত চূড়ান্ত তালিকা অনুসৰি বকো-ছয়গাঁও সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হ’ব । ইপিনে পূৰ্বৰ হাজো সমষ্টিৰ নতুন নাম হ’ল হাজো-শুৱালকুচি । খচৰাত থকা গোৱৰ্ধনা সমষ্টিৰ নতুন নাম মানস ৰখা হৈছে । বটদ্ৰৱা সমষ্টিৰ নতুন নাম হ’ব ধিং । নগাঁও সমষ্টিৰ নতুন নাম হ’ব নগাঁও-বটদ্ৰৱা । নাম সলনি হ’ল চতিয়া সমষ্টিৰো ৷ চতিয়া সমষ্টিৰ নতুন নাম হ’ব ন-দুৱাৰ ।

খচৰাত চাবুৱা সমষ্টিটো নোহোৱা হোৱাৰ পিচত ক্ষোভৰ জুই জ্বলিছিল ৷ এতিয়া চূড়ান্ত তালিকাত উজনিৰা চাবুৱা সমষ্টিৰ নতুন নাম চাবুৱা-লাহোৱাল হ’ল । আকৌ মৰাণ সমষ্টিৰ নাম বিলুপ্তি ঘটি নতুন নাম হ’ল খোৱাং । খচৰাৰ ডিমা হাছাওৰ নাম হাফলং হিচাবেই থাকিল ৷ পূৰ্বৰ দৰেই এই সমষ্টি সংৰক্ষিত হ’ব অনুসূচিত জনজাতিৰ বাবে । লগতে বৰাক ভেলীৰ আলগাপুৰ সমষ্টিৰ নতুন নাম হ’ব আলগাপুৰ-কাটলিছেৰা ।

চূড়ান্ত তালিকা মতে বদৰপুৰৰ নতুন নাম হ’লগৈ উত্তৰ কৰিমগঞ্জ ৷ পূৰ্বৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ নতুন হ’লগৈ দক্ষিণ কৰিমগঞ্জ সমষ্টি৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নাম পাথাৰকান্দি কৰা হ’ল চূড়ান্ত তালিকাত ৷ একেদৰে পূৰ্বৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰো নাম সলনি কৰা হ’ল ৷ ৰাতাবাৰীৰ নতুন নাম হ’ল ৰামকৃষ্ণ নগৰ সমষ্টি হিচাপে ৷ ৰাতাবাৰী সমষ্টিও সংৰক্ষিত হ’ল অনুসূচীত জাতিৰ বাবে ।

লোকসভা সমষ্টিৰ ক্ষেত্ৰত সলনি হ’ল পূৰ্বৰ মঙলদৈৰ নাম ৷ খচৰাত দৰং সংসদীয় সমষ্টিৰ নাম দিয়া হৈছিল মঙলদৈ । এতিয়া দৰং লোকসভা সমষ্টিৰ নতুন নাম হ’ব দৰং-ওদালগুৰি । আজি প্ৰকাশিত তালিকাত বিলুপ্ত ঘটিল কলিয়াবৰ লোকসভা সমষ্টিটোৰ । এই ঠাইত নতুন সমষ্টি সৃষ্টি কৰা হ’ল কাজিৰঙা লোকসভা সমষ্টি ৷ লগতে খচৰাত দিয়াৰ দৰেই বড়োলেণ্ডৰ বিধানসভা সমষ্টিৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হৈছে সমষ্টিৰ সংখ্যা ৷

বড়োভূমিত পূৰ্বে ১১ টা আছিল সমষ্টিৰ সংখ্যা । আজিৰে পৰা ১১ টাৰ পৰা ১৫ টালৈ বৃদ্ধি বিধানসভা সমষ্টি । পূৰ্বে থকাৰ দৰে ডিফু আৰু কোকৰাঝাৰ এই দুটা সংসদীয় সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে । পূৰ্বে সংৰক্ষিত হৈ থকা ধেমাজি জিলাত এটা নতুন অ-সংৰক্ষিত বিধানসভা সমষ্টি সংযোজন কৰা হৈছে ৷ তালিকা অনুসৰি বৰাক উপত্যকাত আছে ২ টা সংসদীয় সমষ্টি ৷ বৰাকত সমষ্টিৰ সংখ্যা হ্ৰাস ঘটোৱা হ’ল । একেই থাকিল খচৰাৰ দৰে ৷ নৰজিল বৰাকবাসীৰ দাবী ৷

উল্লেখ্য যে বৰাকৰ বিধানসভা সমষ্টিক লৈয়ো নিৰ্বাচন আয়োগলৈ প্ৰস্তাৱ দিছিল বিভিন্ন দল সংগঠৰে ৷ উপত্যকাটোৰ অন্যতম চৰ্চিত সমষ্টি বদৰপুৰ সমষ্টিৰ নাম ৰামকৃষ্ণ নগৰ ৰখাৰ পোষকতা কৰিছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । নিৰ্বাচন আয়োগে কাৰ্যকৰী কৰিলে এই প্ৰস্তাৱ ৷ আনহাতে জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ নিজ সমষ্টি ধলাই সমষ্টিৰ নাম সমষ্টি পুনৰ নিৰ্ধাৰণত পৰিবৰ্তন নকৰি একেই ৰাখিবলৈ প্ৰস্তাৱ দিছিল ৰাজ্য চৰকাৰে ৷ সেয়াও কাৰ্যকৰী কৰিলে নিৰ্বাচন আয়োগে ৷

কাৰ্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা সৰহভাগ প্ৰস্তাৱেই মানি লৈ আয়োগে কাৰ্যকৰী কৰা দেখা গ’ল ৷ কিন্তু নামৰ বাদে বিৰোধী দল-সংগঠনে দাবী জনোৱাৰ দৰে সমষ্টিৰ গঠন প্ৰক্ৰিয়াত খচৰাত উল্লিখিত ঠাইৰ সাল-সলনি কৰা দেখা নগ’ল চূড়ান্ত সমষ্টিৰ সীমা নিৰ্ধাৰণ তালিকাত ৷ এক কথাত নৰজিল অধিকাংশৰ দাবী-প্ৰতিবাদ ৷

লগতে পঢ়ক: Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ; 19 টা বিধানসভা সমষ্টিৰ নাম সলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.