ETV Bharat / state

গুৱাহাটীত নিৰ্বাচনী আয়োগৰ বিষয়াৰ সমীক্ষামূলক বৈঠক

author img

By

Published : Jan 13, 2021, 7:16 PM IST

বুধবাৰে গুৱাহাটীত ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰে বৈঠকত মিলিত হয় নিৰ্বাচনী আয়োগৰ ৬ জনীয়া বিষয়াৰ দলে । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয় বৈঠকখনত ।

গুৱাহাটীত নিৰ্বাচনী আয়োগৰ বিষয়াৰ সমীক্ষামূলক বৈঠক
গুৱাহাটীত নিৰ্বাচনী আয়োগৰ বিষয়াৰ সমীক্ষামূলক বৈঠক

গুৱাহাটী, ১৩ জানুৱাৰী: ভাৰতৰ নিৰ্বাচনী আয়োগৰ ৬ জনীয়া বিষয়াৰ দলে ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰ সৈতে সমীক্ষামূলক বৈঠকত মিলিত হয় । চলিত বৰ্ষৰ মাৰ্চৰ পৰা এপ্ৰিল মাহৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি আলোচনা কৰা হয় । চৰকাৰৰ ফালৰ পৰা এক সংবাদ বিবৃত্তি প্ৰকাশ কৰি কোৱা হৈছে যে, সঞ্চালক প্ৰধান ধৰ্মেন্দ্ৰ শৰ্মাৰ নেতৃত্বধীন নিৰ্বাচনী আয়োগৰ দলে মুখ্য সচিব জিষ্ণু বৰুৱাসহ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰে সমীক্ষামূলক বৈঠকত মিলিত হয় ।

নিৰ্বাচনী আয়োগৰ ৬ জনীয়া দলটোত ধৰ্মেন্দ্ৰ শৰ্মাৰ উপৰিও আছে প্ৰধান সচিব নৰেন্দ্ৰ এন বুট'লীয়া, পংকজ শ্ৰীবাস্তব, আবকাৰী বিভাগৰ সঞ্চালক অসোক কুমাৰ, আইন সঞ্চালক বিজয় পাণ্ডে আৰু ই ভি এম পৰামৰ্শদাতা বিপিন কাটাৰা । সোমবাৰে নিৰ্বাচনী আয়োগৰ বিষয়াৰ দলটোৱে ডিব্ৰুগড়ত উপায়ুক্ত, নিৰ্বাচনী বিষয়া আৰু ২০খন জিলাৰ জ্যেষ্ঠ আৰক্ষী বিষয়াৰে আলোচনাত মিলিত হৈছিল ।

লগতে পঢ়ক:কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে পশ্চিমবংগত চিবিআইৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.