ETV Bharat / state

DYFI on APSC exam: APSCৰ পৰীক্ষা আগুওৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী - Press meet of DYFI at Guwahati

লোকসেৱা আয়োগৰ মূল পৰীক্ষা জুনলৈ আগুৱাই অনাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী (APSC main exam)। নিজৰ পচন্দৰ পদত অগ্ৰাধিকাৰ দিব পৰা সুবিধা প্ৰদান কৰি চূড়ান্ত বাচনি তালিকা প্ৰকাশ কৰাৰ দাবী ডি ৱাই এফ আইৰ ।

Press meet of DYFI at Guwahati
ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন
author img

By

Published : Apr 24, 2023, 9:50 PM IST

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন

গুৱাহাটী, ২৪ এপ্ৰিল: অসম চৰকাৰৰ অধীনৰ তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ লগতে আৰক্ষী, বনৰক্ষী বাহিনী, স্বাস্থ্য বিভাগ আৰু প্ৰাথমিক, উচ্চ প্ৰাথমিক, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদৰ নিযুক্তিৰ মুঠ ৫১৩৯৭ টা পদৰ বাবে প্ৰাৰ্থীৰ তালিকা শীঘ্ৰে প্ৰকাশ পাব । এই তালিকাত একেজন প্ৰাৰ্থীয়ে একাধিক পদত নিৰ্বাচিত হোৱাৰ পূৰ্ণ সম্ভৱনা প্ৰকট হৈছে । ইয়াৰ ফলত কেইবা হাজাৰ পদ খালী হৈ থকাৰ বিপৰীতে নিযুক্তি পাম বুলি আশা কৰি থকা হাজাৰ হাজাৰ প্ৰাৰ্থী বঞ্চিত হৈ পৰিব বুলি শংকা প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ (Press meet of DYFI at Guwahati) অসম ৰাজ্যিক কমিটীয়ে ।

গুৱাহাটীৰ কাৰ্যালয়ত সোমবাৰে সম্পাদক ৰিতু ৰঞ্জন দাসে সংবাদমেল সম্বোধন কৰি কয়, "অসম চৰকাৰৰ খালি পদ নিযুক্তি অ'ভাৰ লেপিঙৰ সমস্যা ( DYFI react on APSC main examination)। ৫১,৩৯৭ টা পদত নিযুক্তি দিব চৰকাৰে । কিন্তু এজন প্ৰাৰ্থীয়ে ৪/৫ টা পদত নিৰ্বাচিত হ'ব সেই সম্ভনাই বেছি দেখা দিছে । এই ক্ষেত্ৰত চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া এতিয়ালৈ কৰা নাই ।" নিজৰ পচন্দৰ পদত আগ্ৰাধিকাৰ দিব পৰা সুবিধা প্ৰদান কৰি চূড়ান্ত বাচনি তালিকা প্রস্তুত কৰাৰ দাবী জনায় ডি ৱাই এফ আইয়ে ।

আনহাতে, ডি ৱাই এফ আইৰ ৰাজ্যিক নেতা নিৰংকুশ নাথে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ শংকা আঁতৰ কৰিবলৈ দাবী জনায় । তেওঁ কয় যে, ৯১৩ টা পদৰ বাবে অসম লোক সেৱা আয়োগে ২৬ মাৰ্চত অনুষ্ঠিত কৰা প্ৰাথমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে । কিন্তু আচৰিত কথা হৈছে আয়োগে মূল পৰীক্ষা আগষ্ট- ছেপ্টেম্বৰৰ পৰিৱৰ্তে জুনত অনুষ্ঠিত কৰিবলৈ ওলাইছে এয়া আয়োগৰ নীতি-নিয়ম বিসৰ্জন দি নিজ ইচ্ছা মতে চলা কামৰ এক নিদৰ্শন । আয়োগৰ এই মইমতালিয়ে প্ৰাৰ্থী সকলক প্ৰস্তুতিৰ ক্ষেত্ৰত গুৰুতৰ অসুবিধাৰ মাজলৈ ঠেলি দিব । এয়া চূড়ান্ত অন্যায় আৰু নীতি বৰ্হিভূত । এই অন্যায় আঁতৰ কৰক । কোনো কাৰণ অবিহনেই লোকসেৱা আয়োগৰ মূল পৰীক্ষা জুনলৈ আগুৱাই অনা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ তেওঁ দাবী জনায় ।

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, এই পৰীক্ষাত শতাধিক প্ৰাৰ্থীয়ে বিসংগতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । কাট অফ মাৰ্কতকৈ বেছি নম্বৰ পাবলগীয়া প্ৰাৰ্থীও অনুতীৰ্ণ হৈছে বুলি প্ৰাৰ্থীসকলে অভিযোগ দিবলৈ যোৱাৰ পাচতো আয়োগে কোনো গুৰুত্ব দিয়া নাই । এই বিষয়টোৰ ক্ষেত্ৰত আয়োগক নিজৰ স্থিতি স্পষ্ট কৰাৰ লগতে পৰীক্ষাৰ্থীসকলে লাভ কৰা নম্বৰ জানিব পাৰে তাৰ এক ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: Hailstorm in Bhuragaon: ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন মৰিগাঁও উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.