গুৱাহাটী, 19 এপ্ৰিলঃ অসমৰ বিভিন্ন ক্ষেত্ৰত কৰ্মদক্ষতাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া ন গৰাকী ব্যক্তিক প্ৰদান কৰা হব শূন্য সহনশীল বটা ৷ এই বটা প্ৰদান কৰিব দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে ৷ চলিত বৰ্ষৰ 9 ডিচেম্বৰত প্ৰদান কৰিব এই বটাঁ ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত সংগঠটোৱে সদৰী কৰে এই কথা ৷
উক্ত বটাঁৰ বাবে মনোনীত কৰা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল হ'ল প্ৰাক্তন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, জেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, অভিজত শৰ্মা, মুকুল শইকীয়া, ৰঞ্জনলাল শৰ্মা, শোনিত কুমাৰ ভূঞা, জয়ন্ত দাস, দিগন্ত গগৈ আৰু ৰিংকু তামুলী ৷ দুৰ্নীতিৰ বিৰুদ্ধে লোৱা সৱল স্থিতিৰ বাবেই এওঁলোকক মনোনীত কৰা বুলি জনায় সংগঠটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে ৷
ইয়াৰ লগতে একেখন সংবাদমেলতে সংগঠটোৱে কেন্দ্ৰীয় চৰকাৰক গৰিহণা দিয়ে ৷ অসমৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে উগ্ৰপন্থী সংগঠনৰ হৈ বাতৰি পৰিবেশন কৰা বুলি অভিযোগ কৰি কেন্দ্ৰীয় চৰকাৰে যি তদন্তৰ নিৰ্দেশ দিছে সেই কাৰ্যৰ বাবে তীব্ৰ গৰিহণা দিয়ে কেন্দ্ৰীয় চৰকাৰক । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পত্ৰ প্ৰেৰণ কৰি কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশক বাতিল কৰাবলৈ দাবী জনাই সংগঠনটোৱে ৷