ETV Bharat / state

ক'ত, কেনেকৈ চলিছে দুৰ্গা পূজাৰ আয়োজন ! - দেৱী দুৰ্গা

শৰতৰ আগমনৰ লগে লগে ধৰালৈ নামিল দুৰ্গতিনাশিনী মা দুৰ্গা । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে দেৱী দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷

দুৰ্গা পূজাৰ আয়োজন
author img

By

Published : Sep 29, 2019, 10:25 PM IST

নিউজ ডেক্স,29 ছেপ্টেম্বৰঃ শৰতৰ আগমনৰ লগে লগে ধৰালৈ নামিল দুৰ্গতিনাশিনী মা দুৰ্গা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে দেৱী দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি । সমান্তৰালকৈ ৰাজ্যত আৰম্ভ হৈছে পূজা মণ্ডপসমূহৰ অঘোষিত প্ৰতিযোগিতা ৷

ৰাজ্যত দুৰ্গা পূজাৰ প্ৰস্তুতি

শনিবাৰৰ পৰা মহানগৰীৰ পাণ্ডু কলেজ গেট দুৰ্গা মন্দিৰত আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ। ঢাক-ঢোল, পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণেৰে শুভাৰম্ভণি কৰা হয় পূজাৰ । শুভাৰম্ভণি অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিয়ম অনুসৰি পুৱাৰে পৰা চলিব মা দুৰ্গাৰ আৰাধনা। তাৰোপৰি নৱৰাত্ৰি উপলক্ষে কুমাৰী পূজাৰো আয়োজন কৰিছে বুলিও জানিবলৈ দিয়ে আয়োজক সমিতিয়ে । সেইদৰে এইবাৰ 40 বছৰত ভৰি দিয়া লতাশিল দুৰ্গা মণ্ডপ নিৰ্মাণ হব ৰাজ প্ৰসাদৰ আৰ্হিত ৷ 16 লাখ টকাৰ বাজেটেৰে অনুষ্ঠিত হ'ব লগা পূজা ভাগক লৈ তৎপৰ হৈ পৰিছে এতিয়া উদ্যোক্তাসকল ।

লতাশিল দুৰ্গা পূজা সমিতিয়ে এইবাৰ প্ৰদূষণমুক্ত পূজা উদযাপন কৰাৰ বাবেও বিশেষ ব্যৱস্থা লৈছে । মণ্ডপ সুন্দৰকৈ সজোৱাৰ সমান্তৰালভাৱে গুৰুত্ব দিয়া হৈছে নিৰাপত্তাৰ দিশটোতো ৷ শান্তিপূৰ্ণভাৱে পূজা উদযাপনৰ বাবে পূজা মণ্ডপত লগোৱা চি চি টি ভি কেমেৰাও ৷ইফালে 50 বছৰত ভৰি দিছে নলবাৰীৰ বগলচ্ ৰোড চকৰ দুৰ্গাপূজাখনে ৷ পঞ্চাশ বছৰীয়া দুৰ্গাপূজাখনত 30 লাখ টকীয়া বাজেটৰে বিভিন্ন আলোকসজ্জা, বৃহৎ আকৃতিৰ গণেশ, প্ৰকাণ্ড গুহাৰ লগতে এখন আশ্ৰম তৈয়াৰ কৰি থকা হৈছে ৷

দুৰ্গা মা
দুৰ্গা মা

মণ্ডপ সজ্জাৰ সমান্তৰালভাৱে ব্যস্ততা বাঢ়িছে মৃন্ময় শিল্পীসকলৰ ৷ প্ৰতিমাত শেষ পৰশ দিয়াৰ বাবে এতিয়া এনেদৰে দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল । ধুবুৰীৰ প্ৰতিটো প্ৰতিমা কাৰখানাত সাজু কৰি তোলা হৈছে ভিন্ন প্ৰকাৰৰ দেৱী দুর্গাৰ প্ৰতিমা। ধুবুৰীৰ বি এন কলেজ ৰোডৰ এইখন সাৰদা ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিমা কাৰখানাত বিগত প্ৰায় পঞ্চাশ বছৰৰ পৰা প্ৰতিমা নির্মাণ কৰি থকা হৈছে । ইফালে প্ৰতিমা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সময়ত প্ৰতিমাৰ মূল্য বৃদ্ধি নোহোৱাক চিন্তিত হৈ পৰিছে মৃন্ময় শিল্পীসকল ৷

Intro:ৰাজ প্ৰসাদৰ আৰ্হিত নিৰ্মাণ হব লতাশিল দূৰ্গা পূজাৰ মণ্ডপ ।

Body:Anchor...দূৰ্গা পূজা সমাগত ।চৌদিশে এতিয়া দূৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি । মণ্ডপে মণ্ডপে চমক সৃষ্টিৰ প্ৰতিযোগিতা চলিছে গুৱাহাটী মহানগৰীত ।

VO....দূৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন । চৌদিশে এতিয়া দূৰ্গাক লৈ ভীষণ ব্যস্ততা বাঢ়িছে সকলোতে । মণ্ডপত চমক দিয়াত ব্যস্ত শিল্পী সকলো । এয়া লতাশিল দূৰ্গা পূজাৰ মণ্ডপৰ দৃশ্য । এইবাৰ 40 বৰ্ষত ভৰি দিয়া লতাশিল দূৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ হব ৰাজ প্ৰসাদৰ আৰ্হিত । এই ৰাজ প্ৰসাদৰ আৰ্হিৰ মণ্ডপ নিৰ্মাণ কৰিছে স্থানীয় শিল্পীয়ে । 16 লাখ টকাৰ বাজেটেৰে অনুষ্ঠিত হব লগা পূজা ভাগক লৈ তৎপৰ হৈ পৰিছে উদ্যোক্তা সকল ।

বাইট

VO...লতাশিল দূৰ্গা পূজা সমিতিয়ে এইবাৰ প্ৰদূষণমুক্ত পূজা উদযাপন কৰাৰ বাবেও বিশেষ ব্যৱস্থা লৈছে । যত ভোগ খাবৰ বাবে কলপাত ব্যৱহাৰ কৰিব আৰু পানীৰ বাবে মাটিৰ গ্লাচ ব্যৱহাৰ কৰিব । পূজাৰ সমান্তৰালভাৱে এটা দিন কন কন শিশুসকলৰ বাবে পুতলা নাচ দেখুওৱা ৰ ব্যৱস্থা কৰিছে উদ্যোক্তা সকলে । ইয়াৰ লগতে থাকিব যাদু লগতে নাগাৰা নামৰ দলৰ নাম প্ৰদৰ্শন ।

বাইট

VO...লতাশিল পূজা সমিতিয়ে নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তোলাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে ।পূজা মণ্ডপত CC TV ৰ ব্যৱস্থা কৰিব । লগতে ব্যক্তিগত নিৰাপত্তাৰক্ষীও নিয়োজিত কৰিব । শান্তিপূৰ্ণ ভাৱে পূজা উদযাপনৰ বাবে সকলো ব্যৱস্থাই হাতত লৈছে লতাশিল পূজা সমিতিয়ে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.