গুৱাহাটী,২১ অক্টোবৰ: শাৰদীয় সুবাসেৰে জাতিস্কাৰ সৰ্বত্ৰ । চৌদিশে বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশে । দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ চৌদিশ । ঢাক-ঢোলৰ শব্দৰে চৌদিশে গঢ়ি উঠিছে এক আধ্যাত্মিক পৰিৱেশ । ৰাজ্যবাসীয়ে উদযাপন কৰিছে মহাসপ্তমী । বেল বোধনৰে দেৱীক ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰাৰ পাছতে শনিবাৰে পুৱাৰে পৰা দেৱীৰ আশীষ গ্ৰহণ কৰিবলৈ ভিৰ কৰে ভক্তসকলে ।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে মহানগৰীতো দেখা পোৱা গৈছে পূজাৰ ব্যাপক উচাহ । সন্ধ্যাৰে পৰা আটকধুনীয়াকৈ সজাই-পৰাই তোলা পূজা মণ্ডপসমূহত ভিৰ কৰিছে দৰ্শনাৰ্থীয়ে । দেৱীৰ প্রতিমা, পূজা মণ্ডপ, আলোকসজ্জাৰে ভক্তক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছ পূজা কমিটিসমূহে । মহানগৰীৰ পূজা মণ্ডপসমূহৰ মাজত চলিছে যেন এক অঘোষিত প্ৰতিযোগিতা । ব্যতিক্ৰম নহয় মহানগৰীৰ আঠগাঁও সাৰ্বজনীন দুর্গা পূজা সমিতিও । বিগত বৰ্ষবোৰৰ দৰেই মহানগৰীৰ আঠগাঁও সাৰ্বজনীন দুর্গা পূজা সমিতিয়ে এই বৰ্ষত আদিবাসীৰ আৰ্হিৰ পূজা মণ্ডপেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে ।
লগতে আদিবাসীৰ বেশভূশাত আছে জীৱন্ত মূর্তিও । প্রায় ২৮ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিছে পূজা মণ্ডপ । কলকাতাৰ পৰা অহা শিল্পীয়ে নিৰ্মাণ কৰিছে মণ্ডপৰ কাম । আনহাতে মূৰ্ত্তিভাগ নিৰ্মাণ কৰা হৈছে বাঁহ-বেতেৰে । প্রশাসনে বান্ধি দিয়া নীতি-নির্দেশনা মানি পূজাৰ আয়োজন কৰা হৈছে বুলি জনিবলৈ দিয়ে আয়োজকসকলে । ৰাজ্যজুৰি দুৰ্গা পূজাৰ উপলক্ষে এতিয়া এনেদৰে দেখা হৈছে উৎসাহ। দেৱী মাৰ আশীষ ল'বলৈ এতিয়া এনেদৰে পূজা মণ্ডপসমূহত ভিৰ কৰিছে অগণন ভক্তই ।
লগতে পঢ়ক: Durga puja 2023: পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ আৰাধনাস্থলী !