গুৱাহাটী, ১৬ অক্টোবৰ : চাৰিটা দিনৰ উৎসৱ মুখৰ পৰিৱেশৰ পাচত অৱশেষত শনিৰবাৰে নিতাল মাৰিলে ৰাজ্য ৷ সোমবাৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক শুকুৰবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে দেশ তথা ৰাজ্যবাসীয়ে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মহানগৰীৰ পাণ্ডুত ঘাটতো বিসৰ্জন দিয়া হৈছে মা-দুৰ্গাৰ প্ৰতিমা ৷
মহানগৰীৰ পাণ্ডুত ঘাটত দুদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ কাৰ্যসূচী হাতত লোৱা হৈছে । শুকুৰবাৰৰ লেখীয়াকৈ শনিবাৰেও পাণ্ডুত ঘাটত বিসৰ্জন দিয়া হয় কেইবাখনো পূজা মণ্ডপৰ দেৱীৰ প্ৰতিমা । শুকুৰবাৰে ৬১ খন পূজা মণ্ডপৰ প্ৰতিমা বিসৰ্জন দিয়া হয় পাণ্ডুঘাটত ।
আনকি শনিবাৰেও প্ৰায় ৫০-৬০ খন পূজা মণ্ডপৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছে ৷ এই কথা উল্লেখ কৰে পাণ্ডুঘাট বিসৰ্জন কমিটিয়ে । পাণ্ডুঘাটত পাণ্ডু, মালিগাঁও, জালুকবাৰী আদি আঞ্চলৰ পূজা কমিটিসমূহে প্ৰতিমা বিসৰ্জন দিয়ে ।
লগতে পঢ়ক : হাফলঙৰ দিয়ুং নৈত সম্পন্ন প্ৰতিমা বিসৰ্জন পৰ্ব
জানিব পৰা মতে, শুকুৰবাৰে নিশা ৯ বজাৰ পিছত বিসৰ্জন বন্ধ কৰি দিয়া হয় পাণ্ডুত ঘাটত । সেয়ে শনিবাৰে পুনৰ দেৱীৰ বিসৰ্জন দিয়া হয় পাণ্ডুত ঘাটত । আনহাতে, সম্পূৰ্ণ ক’ভিড নীতি-নিয়ম মানি দেৱী বিসৰ্জন দিবলৈ ৰাইজক আহ্বান জনাই পাণ্ডুঘাট বিসৰ্জন কমিটিয়ে ।
দেৱীৰ বিসৰ্জন দিয়াৰ সময়ত মাংগলিক কামৰ বাবে পূজা কমিটি সমূহৰ সীমিত লোকক উপস্থিত থাকিবলৈ দিয়া হয় পাণ্ডুঘাটত । ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে পাণ্ডুঘাটৰ দেৱী বিসৰ্জন স্থলী পৰিদৰ্শন কৰি ঘাটটো সুন্দৰ আটকধুনীয়াকৈ গঢ়ি তুলা হ’ব বুলি ঘোষণা কৰে ৷ যাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ জনাই বিসৰ্জন সমিতি সমূহে ৷
লগতে পঢ়ক : ধুবুৰীত সুকলমে সম্পন্ন হ’ল দেৱী বিসৰ্জন প্ৰক্ৰিয়া