ETV Bharat / state

চাহ জনজাতিৰ বাবে সংৰক্ষিত আসনৰ নামত সংঘটিত হোৱা অনিয়মক লৈ সৰব বিধায়ক দুৰ্গা ভূমিজ - মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান

চাহ জনজাতিৰ বাবে সংৰক্ষিত আসনত অন্য জাতিৰ লোকে ভৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি নামভৰ্তি কৰিবলৈ সুযোগ কেনেকৈ পালে ৷ শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে বুলি প্ৰশ্ন কৰে দুৰ্গা ভূমিজে ৷

চাহ জনজাতিৰ বাবে সংৰক্ষিত আসনৰ নামত সংঘটিত হোৱা অনিয়মক লৈ সৰব বিধায়ক দুৰ্গা ভূমিজ

author img

By

Published : Dec 29, 2020, 9:09 PM IST

Updated : Dec 29, 2020, 10:09 PM IST

গুৱাহাটী,29 ডিচেম্বৰঃ চাহ জনজাতিৰ বাবে সংৰক্ষিত এমবিবিএচ আৰু বিডিএছত নাম ভৰ্তিৰ ক্ষেত্ৰত হোৱা অনিয়ম প্ৰসংগত স্বাস্থ্যমন্ত্ৰীলৈ বিধায়ক দুৰ্গা ভূমিজৰ মুকলি প্ৰশ্ন ৷ চাহ জনজাতিৰ বাবে সংৰক্ষিত আসনত অন্য জাতিৰ লোকে ভৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি নামভৰ্তি কৰিবলৈ সুযোগ কেনেকৈ পালে ৷ শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে বুলি প্ৰশ্ন কৰে দুৰ্গা ভূমিজে ৷

চাহ জনজাতিৰ বাবে সংৰক্ষিত আসনৰ নামত সংঘটিত হোৱা অনিয়মক লৈ সৰব বিধায়ক দুৰ্গা ভূমিজ
বিগত সময়ছোৱাত জনজাতিয় প্ৰাৰ্থী সকলৰ বাবে সংৰক্ষিত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ চাকৰি নিযুক্তিৰ ক্ষেত্ৰত হোৱা অনিয়ম প্ৰসংগত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল জনজাতিয় বিভিন্ন দল সংগঠনে ৷ জনজাতীয় লোক নোহোৱা সত্ত্বেও কেনেকৈ ভূৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি চৰকাৰী পক্ষৰ চকুত ধূলি দি বিভিন্ন বিভাগত নিযুক্তি লাভ কৰিছিল সেই বিষয়ে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে সংগঠন কেইটাই ৷ কিন্তু তাৰ পাছতো চৰকাৰী পক্ষই সেই সমূহ অসাধু চক্ৰৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বৰ্তমানলৈকে পৰিলক্ষিত নহ’ল ৷ যাৰ বাবে সোমবাৰৰ পৰা হোৱা অসম বিধানসভাৰ শীতকালীন অধিবেশনত এই একেটা প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীৰ ওচৰত নিজৰ ক্ষোভ উজাৰিলে বিধায়ক দুৰ্গা ভূমিজে ৷ ভূমিজৰ মন্তব্য-“ভূৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি তেওলোকে কেনেকৈ নামভৰ্তি কৰিবলৈ সুযোগ পালে ৷”

লগতে পঢ়কঃ গেৰুৱা হ'ল অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা আৰু বনেন্দ্ৰ কুমাৰ মুছাহাৰী

Last Updated : Dec 29, 2020, 10:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.