ৰঙিয়া,১৫ জুন : নিষিদ্ধ ড্ৰাগছৰ(Drugs) বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । বিভিন্ন স্থানৰ লগতে কামৰূপ জিলাৰ ৰঙিয়াত আৰক্ষীয়ে অভিযান চলাই কামাল আলী নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় । ৰঙিয়া আৰক্ষীয়ে শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । কিছুদিন পূৰ্বে বিজেপিৰ এগৰাকী নেতাক গ্ৰেপ্তাৰ কৰাৰ পিছত পুনৰ এগৰাকী ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই বালা বনগাঁৱৰ পৰা আটক কৰে ড্ৰাগছ ব্যৱসায়ী কামাল আলীক । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ লগতে ওচৰ চুবুৰীয়া অঞ্চলত ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত আটক কৰে কামাল আলীক । পূৰ্বতে গ্ৰেপ্তাৰ হোৱা কেইবাগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ স্বীকাৰোক্তিৰ ভিত্তিত মঙ্গলবাৰে পুৱতি নিশা নিজ ঘৰৰ পৰা কামাল আলীক আটক কৰে আৰক্ষীয়ে । উল্লেখ্য যে শেহতীয়াভাৱে ৰঙিয়াত বিজেপি নেতাসহ কেইবাগৰাকীও ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে কৰায়ত্ত কৰিছে ।
লগতে পঢ়ক: উদালীৰ চিকিৎসক নিগ্ৰহ কাণ্ড: দুই অভিযুক্তই কৰিলে আত্মসমৰ্পণ