গুৱাহাটী, 23 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছক সৰবৰাহকাৰী(Drugs paddler) ৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police) ৰ তীব্ৰ অভিযান ৷ আৰক্ষীৰ অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰী (Drugs paddler) ক আটক কৰিছে আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে পুৰুষৰ লগতে বহু মহিলা ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত আটক কৰিবলৈ সক্ষম হৈছে ৷
গুৱাহাটীৰ বিভিন্ন প্ৰান্ততো ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ৷ ড্ৰাগছকে আদি কৰি অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা গুৱাহাটী আৰক্ষীয়ে দৈনিক বহু পৰিমাণে ড্ৰাগছ (Drugs) জব্দ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াভাৱে বুধবাৰে SOGৰ গোপন খবৰৰ ভিত্তিত গড়চুক আৰক্ষী, চিআৰপিএফ আৰু এচঅ’জিয়ে যুটীয়াভাৱে আইএচবিটি তিনিআলিৰ চাৰ্ভিচ ৰোডত Naka checking চলায় ৷
আৰক্ষীৰ অভিযানত AS 01 AK 3292 এখন ছুইফট ডিজায়াৰ বাহনৰ পৰা 6 গ্ৰাম হেৰ’ইন, 37 টা প্লাষ্টিকৰ কন্টেইনাৰ, এখন ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড, তিনিখন পান কাৰ্ড, মানিবেগ আৰু এখন ড্ৰাইভিং লাইচেঞ্চসহ বাহনখনৰ চালকজনক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন লোকজন ধুবুৰীৰ মিস্তাল হক বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ আগত দিয়া স্বাকাৰোক্তিত লোকজনে কামাখ্যা ষ্টেচনৰ আহমেদ উপাধিৰ এজন লোকৰ পৰা ড্ৰাগছখিনি লৈ অহা বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : জম্মু-কাশ্মীৰক ন্যায় প্ৰদানত ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদান অন্যতম : দিলীপ শইকীয়া