গুৱাহাটী, 4 ডিচেম্বৰঃ মহানগৰীৰ অলিয়ে-গলিয়ে উপলব্ধ সুলভ নিষিদ্ধ ড্ৰাগছ । মঙলবাৰে নিশা গড়চুক আৰক্ষীয়ে গড়চুক চাৰিআলিৰ সমীপত চলাই ড্ৰাগছ বিৰোধী অভিযান। অভিযানত গ্ৰেপ্তাৰ হয় দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে দুয়ো গৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা AS-01BS-4760 নম্বৰৰ এখন দুচকীয়া বাহন জব্দ কৰা লগতে ১৬ টা হেৰ'ইন ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কেৰ। দীৰ্ঘদিন দৰি গৰৈমাৰীৰ আমিনুল ইছলাম আৰু বেহাৰবাৰীৰ ৰাহুল বড়োৱে চলাই আছিল এই বেহা। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি,আটাকাধীন আমিনুলে পুৰ্বেও ডকাইতি কাণ্ডত জড়িত হৈ জেল হাজোতলৈ গৈছিল। বিগত সপ্তাহত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা আন এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটি নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
আৰু পঢ়কঃনতুন দিল্লীত মুখ্যমন্ত্ৰী সোণোৱালক ক'লা পতাকা প্ৰদৰ্শন