নিউজ ডেস্ক, 17 জুলাই : অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ বিগত সময়ছোৱাত দেশজুৰি আৰক্ষী প্ৰশাসন তথা অভিযানকাৰী দলে অভিযান চলাই ড্ৰাগছ, গাঞ্জাৰ লগতে আন আন বহুতো নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিল ৷ শেহতীয়াকৈ আন্তৰ্জাাতিক ড্ৰাগছ বিৰোধী দিৱসৰ উপলক্ষে ৰাজ্যজুৰি আৰক্ষীয়ে কোটি কোটি মূল্যৰ ড্ৰাগছ জ্বলাই ভষ্মীভূত কৰাৰ পিচতে সোমবাৰে পুনৰ ৰাজ্যৰ কেইবা ঠাইটো আৰক্ষীয়ে ড্ৰাগছ দহন কাৰ্যসূচী হাতত লৈছে ৷ আজি পুনৰ সমগ্ৰ ৰা়জ্যজুৰি নষ্ট কৰা হৈছে 2,416 কোটি টকাৰ ড্ৰাগছ ৷
ড্ৰাগছ বিৰোধী অভিযানৰ অংশ স্বৰূপে চন্দ্ৰপুৰটো CID, NCB আৰু অসম আৰক্ষীয়ে জ্বলাই বিনষ্ট কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ নিচাজাতীয় সামগ্ৰীৰ ভিতৰত হেৰ'ইন, টেবলেটছ, ব্ৰাউন ছুগাৰ, কফচিৰাপ, অপিয়াম আদি জ্বলাই পেলোৱা হয় ৷ আৰক্ষীয়ে কেইবাখনো দাম্পৰৰে নিচাজাতীয় সামগ্ৰীসমূহ বিনষ্ট কৰে ৷
তাৰ ভিতৰত হেৰ'ইন 7.252 কেজি ,টেবলেট 1,86,000 টা, ব্ৰাউন ছুগাৰ 16.88 কেজি, কফ চিৰাপ 20,043 বটল, অপিয়াম 2230.26 গ্ৰাম সামগ্ৰী জ্বলাই পোলাৱা হয় ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে CID, NCB আৰু অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ৷
লগতে গুৱাহাটীৰ বৰাগাঁৱত প্ৰায় 3,155 কেজি গাঞ্জা দাহন কৰা হয় ৷ সমগ্ৰ দেশৰ নিচাহযুক্ত সামগ্ৰীৰ দহন কাৰ্যসূচী ভাৰ্চুৱেলী প্ৰত্যক্ষ কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে ৷ CID, NCP, CITY POLICE আৰু জিলা প্ৰসাশনৰ অভিযানত জব্দ কৰা গাঞ্জা দহন কৰা হয় বৰাগাঁৱত ৷
আনহাতে নলবাৰীৰ কাছিমপুৰত নলবাৰী আৰক্ষীয়ে ড্ৰাগছ দহন কাৰ্যসূচী হাতত লৈছে ৷ বিগত সময়ত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল ড্ৰাগছসমূহ ৷ আজি নলবাৰী আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ উপস্থিতিত 5 খন আৰক্ষী থানাৰ প্ৰায় 45 লাখ মূল্যৰ জব্দকৃত ড্ৰাগছ দাহ কৰে আৰক্ষীয়ে ৷ দহন কৰা ড্ৰাগছসমূহত গাঞ্জা 269.034 কেজি, হেৰ’ই‘ 87.39 গ্ৰাম, 1002 কফ চিৰাপৰ বটল, 16,608 টা টেবলেট আছে ৷
নলবাৰী আৰক্ষী থানা, ঘগ্ৰাপাৰ আৰক্ষী থানা, টিহু আৰক্ষী থানা, মুকালমুৱা আৰক্ষী থানা আৰু বেলশৰ আৰক্ষী থানাৰ পৰা জব্দকৃত প্ৰায় ৪৫ লাখ মূল্যৰ ড্ৰাগছ জলাই দিয়া বুলি আৰক্ষী অধীক্ষ সুধাকৰ সিঙে জানিবলৈ দিয়ে ৷
আনহাতে বৰপেটাত মুঠ 6 কোটি 52 লাখ 58 হাজাৰ 5 শ টকাৰ ড্ৰাগছ আৰু গাঞ্জাসহ নিচাযুক্ত সামগ্ৰী দহন কৰা হয় ৷ দহন কৰা নিচাযুক্ত সামগ্ৰীসমুহৰ ভিতৰত আছে 587.94 গ্ৰাম ব্ৰাউন চুগাৰ, গাঞ্জা 63 কেজি, 531 টা কফ চিৰাফৰ বটল, 75,635 টা নিচাযুক্ত কেপচুল আৰু 24,292 টা নিচাযুক্ত টেবলেট ৷ বৰপেটাৰ উপায়ুক্ত আয়ুষ গৰ্গ আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ উপস্থিতিত দহন কৰা হয় নিচাযুক্ত সামগ্ৰীসমূহ ৷
লগতে পঢ়ক: Firing at Rupohihat: ৰূপহীহাটত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী