ETV Bharat / state

পতী-পত্নী আৰু ড্ৰাগছ !

author img

By

Published : Aug 8, 2021, 8:15 PM IST

গীতানগৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰী আৰু বুজন পৰিমাণৰ ড্ৰাগছ ৷ আৰক্ষীৰ চকুত ধূলি দি নুনমাটিৰ চেক্টৰ-৩ থকা নিজৰ হোটেলত ড্ৰাগছৰ বেহা চলাই আহিছিল ৷

drug-peddler-couple-arrested-at-gitanagar
পতী-পত্নী আৰু ড্ৰাগছ !

গুৱাহাটী, ৮ আগষ্ট : মহানগৰীৰ নুনমাটিৰ চেক্টৰ-3(noonmati sector 3)ৰ এখন হোটেলৰ গৰাকী দুই স্বামী-স্ত্ৰী ক্ৰমে অৰূপ বৈশ্য আৰু অনু বৈশ্য ৷ দেখাত তেনেই সাধাৰণ যেন লগা এই হোটেলখন পিছে কেৱল খাদ্য ৰসিকৰ মাজতেই সীমাবদ্ধ থকা নাই ৷ হোটলৰ গৰাকীদ্বয়ে এই ব্যৱসায়ত নতুনত্ব প্ৰদান কৰি উপলব্ধ সামগ্ৰীৰ তালিকাত ড্ৰাগছ(illegal drugs)ৰো সংযোজন কৰিলে ৷ আৰক্ষীৰ চকুৰ তলতে দীৰ্ঘদিন ধৰি দুয়োৱে ড্ৰাগছৰ এই ৰমৰমীয়া বেহা চলাই আছিল ৷

অৱশ্যে, এই কথা অৱগত হোৱাৰ পিছত গীতা নগৰ আৰক্ষীয়ে অভিযান চলাই শনিবাৰে নিশা উদয় নগৰৰ নিজা বাস গৃহৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী(drug peddler) এই দুই স্বামী-স্ত্রীক গ্ৰেপ্তাৰ কৰে । অভিযান কালত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ ভৰ্তি কনটেইনাৰ, চিৰিঞ্জ, নগদ ধন আৰু এটা মোবাইল ফোন জব্দ কৰিবলৈ সমৰ্থ হয় । সম্প্ৰতি গীতানগৰ থানাত ধৃত অৰূপ বৈশ্য আৰু তেওঁৰ পত্নী অনু বৈশ্যৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

পতী-পত্নী আৰু ড্ৰাগছ !

উল্লেখযোগ্য যে, ৰাজ্যত বিজেপি চৰকাৰ দ্বিতীয়বাৰলৈ শাসনৰ গাদীত বহাৰে পৰা ড্ৰাগছৰ বিষয়টো আটাইতকৈ চৰ্চিত বিষয় হিচাপে পৰিগণিত হৈছে ৷

আৰক্ষীয়ে নিতৌ নতুন অপৰাধীক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু, এনে সময়তো ন-ন অপৰাধী সহ ড্ৰাগছ উদ্ধাৰ হৈ থকাৰ বিষয়টোৱে বুজাইছে ৰাজ্যখনত ড্ৰাগছৰ ব্যৱসায়ে(illegal drugs trading) কিমান গভীৰভাৱে শিপা মেলিছে ৷ একে সময়তে যুৱ-প্ৰজন্মৰ বাবে মাৰাত্মক ব্যাধি হিচাপে এই সমস্যাই থিয় দি উঠিছে ৷

লগতে পঢ়ক : এছ আই কেলেংকাৰীৰ পাচত এইবাৰ ভুৱা নিযুক্তি পত্ৰৰ বেহা চলিছে ৰাজ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.