ETV Bharat / state

সংবাদকৰ্মীক থিতাতে গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা - Journalist

সংবাদ সেৱাৰে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে সাংবাদিকসকলক(Journalist) অনুজ্ঞাপত্ৰ প্ৰদান কৰিব কামৰূপ মহানগৰ পৰিবহণ বিভাগে । 31 আগষ্টৰ পৰা মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহণ বিষয়াৰ কার্যালয়ত এমাহৰ বাবে প্ৰতিদিনে 10 গৰাকীকৈ আবেদনকাৰীক থিতাতে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

driving-licence-for-journalists
সংবাদ কৰ্মীক ড্ৰাইভিং লাইচেন্স প্ৰদানৰ ব্যৱস্থা
author img

By

Published : Aug 26, 2021, 9:16 AM IST

গুৱাহাটী, 26 আগষ্ট : কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত সাংবাদিক(Journalist) আৰু সংবাদকর্মী সকলক থিতাতে গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা(Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰখনে 100 দিন পূৰ কৰা উপলক্ষে এই পদক্ষেপ গ্ৰহণ কৰা বুলি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে জানিবলৈ দিয়ে ।

driving-licence-for-journalists
সংবাদ কৰ্মীক ড্ৰাইভিং লাইচেন্স প্ৰদানৰ ব্যৱস্থা

এইক্ষেত্ৰত তেওঁ কয় যে, দেশ তথা ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নত গণতন্ত্ৰৰ চতুর্থ স্তম্ভ সাংবাদিক আৰু সংবাদকর্মীসকলৰ ভূমিকা অতুলনীয় আৰু উল্লেখযোগ্য । বিভিন্ন জটিল পৰিস্থিতিতো সাংবাদিকসকলে অতন্দ্ৰ প্ৰহৰীৰ দৰে সমাজ জীৱনলৈ অনবদ্য সেৱা আগবঢ়াই আহিছে । গাড়ীচালনা আৰু পথ সুৰক্ষাৰ নীতি-নিৰ্দেশনাসমূহ সমাজৰ সৰ্বস্তৰৰ মাজলৈ আগবঢ়াই নি জনসাধাৰণক সদা সচেতন আৰু সজাগ কৰি ৰখাতো সাংবাদিকসকলে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে ।

লগতে পঢ়ক: পৰিবহন মন্ত্ৰীৰ গৃহ সমষ্টিত পথৰ পয়ালগা অৱস্থা

সেয়েহে সমাজৰ প্ৰতি উসৰ্গিত এইসকল লোকৰ দৈনন্দিন যাতায়াত আৰু যোগাযোগত সুবিধা হোৱাকৈ গাড়ীচালনাৰ একোখনকৈ শিকাৰু অনুজ্ঞাপত্ৰ দিব বিচৰা হৈছে বুলি তেওঁ সদৰী কৰে । এই অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰীসকলৰ বাবে প্ৰথমে হোণ্ডা চেফটি ড্ৰাইভিং এডুকেছন চেণ্টাৰৰ সহযোগত পথ-সুৰক্ষা আৰু যান-বাহন চলোৱাৰ বিধি সন্দর্ভত প্ৰাথমিক জ্ঞান প্ৰদানৰ কার্যসূচী অনুষ্ঠিত কৰা হ’ব ।

সেই অনুসৰি, 31 আগষ্টৰ পৰা মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহণ বিষয়াৰ কার্যালয়ত এমাহৰ বাবে প্ৰতিদিনে 10 গৰাকীকৈ আবেদনকাৰীক থিতাতে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব । জিলা পৰিবহন বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ইচ্ছুক আবেদনকাৰীসকলে অনুজ্ঞাপত্ৰৰ বাবে নিজৰ নাম-ঠিকনা, বয়সৰ প্ৰমাণপত্ৰ সহ অনলাইনযোগে আবেদন কৰিব পাৰিব ।

লগতে পঢ়ক: আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.