ETV Bharat / state

শিক্ষাৰ্থীৰ পিছত এইবাৰ চিকিৎসকৰ বাবে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ

author img

By

Published : Aug 7, 2021, 10:52 PM IST

১১ আগষ্টৰ পৰা প্ৰতিদিনে ১০ জনকৈ চিকিৎসকক কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ক'ভিড মহামাৰীৰ সময়ত চিকিৎসক সকলে নিষ্ঠাৰে পালন কৰা কৰ্তব্যৰ চানেকি হিচাপে পৰিবহন বিভাগে থিতাতে প্ৰদান কৰিব গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ ।

driving licence
শিক্ষাৰ্থীৰ পিছত এইবাৰ চিকিৎসকৰ বাবে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ

গুৱাহাটী,৭ আগষ্ট : কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ আন এক প্ৰশংসনীয় পদক্ষেপ । উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ পিছত এইবাৰ চিকিৎসকক সকাহ দিয়াৰ বাবে আন এক পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে । এই কথা জানিবলৈ দিয়ে জিলা পৰিবহন বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞা) গৌতম দাসে ।

এইবাৰ স্বাস্থ্য সেৱাৰ লগত জড়িত তথা ক'ভিড যোদ্ধাসকলক থিতাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত লৈছে পৰিবহন বিষয়া গৌতম দাসে । লক্ষ্যণীয় বিষয় যে ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে বহু চিকিৎসকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো এই পৰ্যন্ত সময়ৰ অভাৱৰ বাবে লাভ কৰিব পৰা নাই গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ ।

সেয়েহে ১১ আগষ্টৰ পৰা এইসকল আগশাৰীৰ ক'ভিড যোদ্ধাক গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে কামৰূপ জিলা পৰিবহন বিভাগে হাতত লৈছে এই ইতিবাচক পদক্ষেপ ।

১১ আগষ্টৰ পৰা প্ৰতিদিনে ১০ জনকৈ চিকিৎসকক কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।ক'ভিড মহামাৰীৰ সময়ত চিকিৎসক সকলে নিষ্ঠাৰে পালন কৰা কৰ্তব্যৰ চানেকি হিচাপে পৰিবহন বিভাগে থিতাতে প্ৰদান কৰিব গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ । তদুপৰি চিকিৎসকসকলৰ সময়ৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ ।

পৰৱৰ্তী সময়ত চিকিৎসা সেৱাৰ লগত জড়িত আন আন চিকিৎসা কৰ্মীকো পৰিবহন বিভাগে আগবঢ়াব এই সুবিধা । ১১ আগষ্টত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত এই পদক্ষেপৰ শুভাৰম্ভ কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ।

ইফালে চিকিৎসক সমাজৰ বাবে জিলা পৰিবহন বিষয়া গৌতম দাসে লোৱা এই পদক্ষেপক আদৰণি জনাইছে চিকিৎসক সমাজে ।

লগতে পঢ়ক:'দ্য ক্ৰছ কাৰেন্ট'ৰ বিৰুদ্ধে আক্ৰোশমূলক আচৰণ জনসংযোগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.