ETV Bharat / state

School Teachers Dress Code : এইবাৰ বিদ্যালয় শিক্ষকৰ পোছাক বিধি; শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

author img

By

Published : May 20, 2023, 8:33 PM IST

বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীসকলে কেনে ধৰণৰ পোছাক পিন্ধিব সেয়া নিৰ্দিষ্ট কৰি দিছে শিক্ষা বিভাগে । শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাক বিধিৰ ওপৰত শিক্ষা বিভাগৰ জাননী জাৰি (dress code for Assams school teachers) ।

School Teachers Dress Code
School Teachers Dress Code

গুৱাহাটী, ২০ মে' : এইবাৰ শিক্ষকৰ বাবে পোছাক পৰিধানৰ (Assam school teachers dress code) ক্ষেত্ৰত নিদেৰ্শনা জাৰি কৰিছে শিক্ষা বিভাগে । এতিয়াৰে পৰা ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্ৰীয়ে কেনেধৰণৰ পোছাক পৰিধান কৰিব সেয়া শিক্ষা বিভাগে নিৰ্ধাৰণ কৰিব (education department dress code for teachers) । এই সন্দৰ্ভত শিক্ষা বিভাগে (department of School education) এক নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা মতে, শিক্ষানুষ্ঠানত পিন্ধিব নোৱাৰিব জিন্স পেণ্ট আৰু টি-শ্বার্ট । পিন্ধিব লাগিব কেৱল ফর্মেল পেণ্ট আৰু শ্বার্ট ।

এই সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ নিৰ্দেশ ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীসকললৈ জাৰি কৰিছে শিক্ষা বিভাগে ৷ এই নতুন নিৰ্দেশনা অনুসৰি, শিক্ষানুষ্ঠানত জিন্স, লেগিংছ, টি-শ্বাৰ্ট পৰিধানত নিষেধাজ্ঞা জাৰি কৰা হৈছে । শিক্ষকে ফৰ্মেল শ্বার্ট-পেণ্ট পিন্ধাৰ বিপৰীতে শিক্ষয়িত্ৰীসকলে পিন্ধিব লাগিব মেখেলা চাদৰ বা শাৰী । পোছাক বিধিৰ বিশেষ নিয়মাৱলীত উল্লেখ কৰা অনুসৰি, সম্পূৰ্ণ মাৰ্জিত পোছাক পৰিধান কৰিব লাগিব শিক্ষক-শিক্ষয়িত্রীসকলে (dress code for Assams school teachers) ।

অৱশ্যে শিক্ষয়িত্রীসকলক মাৰ্জিত চুৰিদাৰ-কামিজ পিন্ধাৰ অনুমতি দিয়া হৈছে । কিন্তু জিনছ-লেগিংছ, টি-শ্বাৰ্ট পৰিধান কৰিব নোৱাৰিব কোনো শিক্ষয়িত্রীয়ে । ইতিমধ্যে এই পোছাক বিধিৰ অধিসূচনাৰ বিশেষ নিয়মাৱলী প্ৰকাশ পোৱাৰ লগে লগে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Assam govt education department) । লগতে চৰ্চাৰ বিষয় হৈ পৰিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বহু শিক্ষক-শিক্ষয়ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰী এই নিয়মাৱলীৰ পূৰ্বৰে পৰায়ে মাৰ্জিত সাজ-পোছাক পিন্ধিয়ে তেওঁলোক বিদ্যালয়লৈ আহে ।

শিক্ষা বিভাগৰ জাননী
শিক্ষা বিভাগৰ জাননী

আনহাতে, শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা মতে, শিক্ষানুষ্ঠানৰ কিছুমান শিক্ষকে তেওঁলোকৰ পছন্দৰ পোছাক পিন্ধাৰ অভ্যাস গঢ়ি তুলিছে । যিটো কেতিয়াবা ৰাইজৰ গ্ৰহণযোগ্য নহয় । যাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীয়ে দায়িত্ব পালন কৰোঁতে কৰ্মস্থানত শালীনতা, পেছাদাৰিত্ব আৰু উদ্দেশ্যৰ গম্ভীৰতাৰ অনুভূতি প্ৰতিফলিত কৰিবলগা পোছাক বিধি অনুসৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে ।

উপৰিউক্ত বিষয়বোৰৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় শিক্ষা বিভাগে সকলো শিক্ষকৰ বাবে নিৰ্দিষ্ট পোছাক বিধি নিৰ্ধাৰণ কৰিছে । লগতে শিক্ষা বিভাগৰ এই নিদৰ্শনা উলংঘা কৰাসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলিও শিক্ষা বিভাগে স্পষ্ট কৰি দিছে ।

লগতে পঢ়ক :CID team in Nagaon : CID ৰ মাৰাথান জেৰৰ সন্মুখীন ধিং থানাৰ OC ৰজা ইৰ্শ্বাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.