গুৱাহাটী,9 জুন : শেহতীয়াকৈ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ বিয়োগৰ পিছত এইবাৰ অসমে হেৰুৱালে ৰাজ্যখনৰ আন এগৰাকী সু-সন্তান তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া (Retired Indian Administrative Service officer), লেখক আৰু চিন্তাবিদ ড° ৰোহিণী কুমাৰ বৰুৱাক ৷
অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া গৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Chief minister Dr. Himanta Bishwa Sarma) ই প্ৰকাশ কৰিলে গভীৰ শোক । বিশিষ্ট লেখক, চিন্তাবিদ গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক : কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ